ধেমাজী, 2 জুন : ধেমাজী জিলাৰ জীয়াধল নদীৰ বাঢ়নী পানীয়ে বুধবাৰে বাটঘৰীয়া, জীয়াধল, চমৰাজান পঞ্চায়তৰ প্ৰায় কুৰিখন গাঁও বুৰাই পেলায় ৷ বুধবাৰে জীয়াধল নদীৰ বানে ধেমাজী ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়াধল চাৰিআলিৰ পৰা ভজো গাঁৱলৈকে প্ৰায় ৬০ মিটাৰ অংশ বুৰাই পেলোৱাত যাতায়ত বিঘ্নিত হৈ পৰে ৷
ইতিমধ্যে জিলা প্ৰশাসনৰ হৈ ধেমাজী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে বন্যাৰ্তৰ অভাৱ অভিযোগৰ বুজ লয় ৷ ইপিনে বন্যাৰ্তৰ লগতে স্থানীয় আছুৱে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰি চৰকাৰক শীঘ্ৰে এই বান সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷