ধেমাজি, 27 ডিচেম্বৰ : সোমবাৰে ধেমাজিৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে (AJYP Protest at PWD office in Dhemaji) ৷ দেশে স্বাধীনতা লাভ কৰাৰ 7 টা দশকৰ পিছতো ধেমাজি মৰিধলৰ 1 নং জামুগুৰি গাঁও, 2 নং জামুগুৰি গাঁও, কল্পনাপুৰ, চেনিমাৰী গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় 5 সহস্ৰাধিক ৰাইজে মৰিধল নদীৰ ওপৰত এখন পকী দলং নথকাত যমৰ যন্ত্ৰণা ভোগ কৰি আহিবলগা হৈছে (AJYP protest for a bridge) ৷
ভৰ বাৰিষাৰ সময়ত ৰাইজে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলং আৰু সাঁকো মৰিধলৰ পানীয়ে উটুৱাই নিলেই তথৈবচ অৱস্থা হয় গঞা ৰাইজৰ ৷ অথচ তিলমাত্ৰও কাণসাৰ নাই ধেমাজি লোকনিৰ্মাণ বিভাগৰ (PWD office Dhemaji) ৷ মৰিধল নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ ওপৰত গুৰুত্ব নাই ৰজাঘৰীয়াৰ ৷ ৰাইজৰ শতাধিকবাৰ চৰকাৰৰ ওচৰত কৰা আবেদন নিবেদন অৰণ্যৰোদনত পৰিণত হোৱাত অৱশেষত অঞ্চলবাসীৰ সহযোগত সোমবাৰে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদে ঘেৰাও কৰে ধেমাজি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ৷