অসম

assam

ETV Bharat / state

জোনাইত বানৰ মাজতে জাপানিজ এনকেফেলাইটিছৰ ত্ৰাস

জোনাইৰ উদয়পুৰত এগৰাকী ৬৫ বছৰীয়া মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ।

জাপানিজ এনকেফেলাইটিছৰ ত্ৰাস

By

Published : Jul 18, 2019, 1:36 PM IST

জোনাই, 18 জুলাই:ধেমাজি জিলাত বান বিভীষিকাৰ মাজতে জাপানিজ এনকেফেলাইটিছ ৰোগে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । তেনে সময়তে জোনাইৰ উদয়পুৰত এগৰাকী ৬৫ বছৰীয়া মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ।

জাপানিজ এনকেফেলাইটিছৰ ত্ৰাস
কাফিয়া খাতুন নামৰ মহিলা গৰাকীয়ে যোৱা ১৬ জুলাইত জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি হৈছিল। তেতিয়া মহিলা গৰাকীৰ চিকিৎসকে তেওঁক নিৰীক্ষণ কৰি মহিলা গৰাকী জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পেলাই । আৰু ততাতৈয়াকৈ মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details