ধেমাজি, 30 নৱেম্বৰ:আজিজননেতা ভীমবৰ দেউৰীৰ 75 সংখ্যক মৃত্যু দিৱস(Jananeta Bhimbar Deuri Memorial Day) ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত আজি চিৰিপানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জননেতা ভীমবৰ দেউৰীৰ 75 সংখ্যক স্মৃতি দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ পুৱা সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি নিৰেন দেউৰীয়ে(Jananeta Bhimbar Deuri 75th Memorial Day) ৷
মুকলি সভাত অংশ লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জননেতা ভীমবৰ দেউৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে জননেতা ভীমবৰ দেউৰীয়ে বৰ্তমানৰ সমাজখনলৈ যি অনবদ্য অৱদান আগবঢ়াইছে সেয়া নিশ্চয় অনুকৰণীয় ৷ ভৱিষ্যৎ প্ৰজন্মক জন নেতাগৰাকীৰ কৰ্ম তথা আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰেই অসম চৰকাৰে জননেতাগৰাকীৰ স্মৃতিত ভীমবৰ দেউৰী বঁটা প্ৰদানৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰক ২০২২ বৰ্ষৰ বাবে অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া শিল্পী দিৱসত প্ৰদান কৰা হব বুলি মন্ত্ৰী বড়াই ঘোষণা কৰে ৷ মন্ত্ৰী বড়াই দেউৰী জনগোষ্ঠীৰ লগতে অসমৰ উত্তৰণৰ ক্ষেত্ৰত জননেতা ভীমবৰ দেউৰীৰ মহান অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে(Bimal Borah in Bhimbar Deuri Memorial Day) ৷