ধেমাজি,31 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো শনিবাৰে মুকলি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷ শনিবাৰে ধেমাজি বাটঘৰীয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি সংমণ্ডলৰ জল জীৱন মিছনৰ অধীনত 2020-21 বৰ্ষৰ ছয়খন বৃহৎ পানী যোগান আঁচনি মুকলি কৰা হয় ৷ এক শুভ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ উক্ত ছখন পানী যোগান আচঁনিৰ অধীনত 100 শতাংশ কাৰ্যক্ষম ঘৰুৱা নল সংযোগ কৰা হয় ৷
ইয়াৰ পিছতে বাটঘৰীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰি আঁচনি কেইখনৰ সম্পৰ্কত ৰাইজৰ সন্মুখত বৰ্ণনা দাঙি ধৰে বিশিষ্ট ব্যক্তি সকলে ৷ উল্লেখ্য যে, এই ছখন পানী যোগান আঁচনি হৈছে 113 নং ধেমাজি বিধানসভা সমষ্টিৰ বাটঘৰীয়া, লাউমুৰী ,কোৱাফলা ,বৰদৈবাম আৰু সৰিয়নি পানী যোগান আঁচনি ৷ সেইদৰে 114 নং জোনাই বিধানসভা সমষ্টিত আছে সোনাপুৰ পানী যোগান আচঁনি ৷