অসম

assam

ETV Bharat / state

Jal Jeevan Mission: জলজীৱন আঁচনিৰ আইৰনযুক্ত পানীয়ে বিপদ মাতিছে কন কন শিক্ষাৰ্থী জীৱনলৈ - জলজীৱন আঁচনিৰ আইৰনযুক্ত পানী

ধেমাজিত জলজীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ নামত সংশ্লিষ্ট বিভাগৰ ৰামঠগন । ব্যয়বহুল এই অভিলাষী আঁচনিৰ টেপৰ পৰা নোলায় বিশুদ্ধ খোৱাপানী(Jal Jeevan Mission in Dhemaji) ৷ বিশুদ্ধ পানীৰ নামত সেৱন বৰবিহ ৷

Jal Jeevan Mission has shown a lot of disparities in providing access to clean drinking water in Dhemaji
ধেমাজিত জলজীৱন আঁচনিৰ আইৰনযুক্ত পানীয়ে বিপদ মাতিছে কন কন শিক্ষাৰ্থী জীৱনলৈ

By

Published : Nov 26, 2022, 4:16 PM IST

ধেমাজি, 26 নৱেম্বৰ:ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কেৰকনি আদৰ্শ হাইস্কুল আৰু কেৰকনি অংগনৱাড়ী কেন্দ্ৰত স্থাপন কৰা জলজীৱন আঁচনিখনক লৈ উদ্বিগ্ন হৈ পৰিছে বিদ্যালয়ৰ কৰ্তপক্ষ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সচেতন মহল ৷ অতি ব্যয়বহুল এই আঁচনিখনৰ নামত কণ কণ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে সংশ্লিষ্ট বিভাগে হেতালি খেলাৰ অভিযোগ(Jal Jeevan Mission in Dhemaji) ৷

ধেমাজিত জলজীৱন আঁচনিৰ আইৰনযুক্ত পানীয়ে বিপদ মাতিছে কন কন শিক্ষাৰ্থী জীৱনলৈ

কিয়নো আঁচনিখন স্থাপন কৰিলে যদিও ইয়াৰ টেপসমূহৰ পৰা ওলোৱা পানীত দূৰ্গন্ধ আৰু আইৰনযুক্ত হোৱা বাবে সেৱন কৰিব নোৱাৰে ইয়াৰ পানী ৷ পানীত আইৰনৰ পৰিমান ইমানেই বেছি যে পানী টেপৰ নলসমূহো হৈ পৰিছে গাঢ় ৰঙচুৱা ৷ যাৰ ফলত ছাত্ৰছাত্ৰীসকলে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে(Clean drinking water in Dhemaji) ৷ তদ্ৰূপ অৱস্থা অঞ্চলটো কেইবাখনো বিদ্যালয়ত ৷

এই বিষয়ে বিদ্যালয়ৰ কৰ্তপক্ষ আৰু স্থানীয় চুতীয়া জাতি ছাত্ৰ সন্থাই সংশ্লিষ্ট বিভাগক অৱগত কৰি অহা সত্বেও আজিকোপতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ মন কৰিবলগীয়া যে, ঘৰে ঘৰে আৰু শিক্ষানুষ্ঠানসমূহত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৰূপায়ন কৰা জলজীৱন আঁচনিখন ধেমাজিত বগাহাতীলৈ পৰ্যবসিত হৈছে সি ধুৰুপ(Jal Jeevan Mission has shown a lot of disparities) ৷

ধেমাজিত জলজীৱন আঁচনিৰ আইৰনযুক্ত পানী

এই আঁচনিখনৰ জৰিয়তে সৰ্বসাধাৰণ জনতা লাভাম্বিত হোৱাৰ বিপৰীতে চন্দুকহে গধুৰ হৈ গৈ আছে সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰ ৷ এইক্ষেত্ৰত চৰকাৰক সুদৃষ্টি দিবলৈ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় সংগঠনে ৷ উল্লেখ্য যে, অসমত জলজীৱন মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কোটি টকা মুকলি কৰি দিছে ৷

চৰকাৰী তথ্য মতে, 2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জৰিয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব ৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ এই সপোনৰ এখন বিপৰীত ছবিহে দেখা গৈছে ধেমাজিত ৷ অতি ব্যয়বহুল এই অভিলাষী আঁচনিখন ৰূপায়নৰ নামত একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ চন্দুকহে গধুৰ কৰাত ব্যস্ত হৈছে ৷ যাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্বাসাধাৰণ জনতা ৷

লগতে পঢ়ক:ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি

ABOUT THE AUTHOR

...view details