অসম

assam

ETV Bharat / state

Irrigation Scheme at Jonai: জোনাইত বগা হাতীত পৰিণত হৈছে জোনাই জলসিঞ্চন বিভাগ - Irrigation department solar scheme at Jonai

জোনাই মহকুমাত থকা চাৰিখনকৈ জলসিঞ্চন আঁচনিৰ তিনিখনেই বিকল হৈ আছে(Irrigation Scheme at Jonai) । ফলত বৰুণ দেৱতাৰ ওপৰত নির্ভৰ কৰিয়েই কৃষিকার্য সম্পাদন কৰিবলগীয়া হৈছে কৃষকসকলে । অতিশীঘ্ৰে জোনাই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগতে পাইপ লাইনসমূহ মেৰামতিৰে খেতিয়কৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Irrigation Scheme at Jonai
জোনাইত বগা হাতীত পৰিণত হৈছে জোনাই জলসিঞ্চন বিভাগ

By

Published : Jul 25, 2022, 10:28 PM IST

জোনাই, ২৫ জুলাই: কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও ধেমাজি জিলাৰ জোনাই মহকুমাবাসীয়ে এতিয়াও বৰুণ দেৱতাৰ ওপৰতেই নির্ভৰ কৰি কৃষিকার্য ৰূপায়ণ কৰা দেখা গৈছে । জোনাই মহকুমাত থকা চাৰিখনকৈ জলসিঞ্চন আঁচনিৰ তিনিখনেই বিকল (Irrigation Scheme at Jonai)।

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অতি পিছপৰা বানপীড়িত জোনাই মহকুমাবাসীৰ পঞ্চানব্বৈ শতাংশ লোকেই কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰে যদিও পূৰ্বৰ কোনো এখন চৰকাৰে মহকুমাটোৰ খেতিপথাৰত ফলপ্ৰসূভাৱে জলসিঞ্চনৰ ব্যৱস্থা নকৰিলে । বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনেও এইক্ষেত্ৰত চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতা প্ৰদৰ্শন কৰা দেখা গৈছে ।

অতি পৰিতাপৰ বিষয় যে, অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে(Assam Irrigation Minister) এইখন চৰকাৰৰ কাৰ্যকালত এবাৰো জোনাই মহকুমাত পদাৰ্পন কৰাতো বাদেই জোনাই বিধানসভা সমষ্টিত খোজ দিবলৈ অহা নাই ৷ চৰকাৰ তথা বিভাগৰ মন্ত্ৰীগৰাকীয়ে জোনাইৰ মহকুমাৰ জলসিঞ্চন বিভাগৰ প্ৰতি প্ৰদৰ্শন কৰা চূড়ান্ত অৱহেলাৰ ছবিখন স্পষ্ট হৈ পৰিছে । চৰকাৰ আৰু জলসিঞ্চন বিভাগৰ লগতে স্থানীয় নিৰ্বাচিত জনপ্ৰতিনিধিসকলেও জোনাইৰ কৃষকৰ উন্নয়নৰ দিশত কোনো ভূমিকা পালন নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাবে পৰিগণিত হৈছে ।

জোনাই মহকুমাত জলসিঞ্চন বিভাগে স্থাপন কৰা চিলে আৰু ৰুকচিন নদীৰ উত্তোলন কৃষি জলসিঞ্চন আঁচনি(Lift Irrigation Scheme at Jonai) দুখন দীর্ঘদিন ধৰি বিকল হৈ থকাই নহয়, ধ্বংসস্তূপত পৰিণত হৈ পৰিত্যক্ত অৱস্থালৈ গতি কৰিছে । আনহাতে অগপৰ প্ৰথমটো আমোলতে নির্মাণ কৰা জামজিং নদীৰ উত্তোলন কৃষি জলসিঞ্চন আঁচনিখন ১৯৯১ চনতে পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰোঁতেই মূল বান্ধটো ভাগি যোৱাৰ পাছৰে পৰা আজিও অকামিলা অৱস্থাতেই আছে ।

জোনাইত বগা হাতীত পৰিণত হৈছে জোনাই জলসিঞ্চন বিভাগ

আঁচনিখন কার্যকৰী কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰপাতিসমূহ প্ৰায়েই নষ্ট হ’বলৈ ধৰিছে । ইপিনে আশীৰ দশকত চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱত নির্মাণ কৰা ভূজল উত্তোলন বৃহৎ কৃষি জলসিঞ্চন আঁচনিখনেও অঞ্চলটোৰ কৃষকক সামান্যভাৱেও সুফল দিয়াত ব্যর্থ হৈছে । আঁচনিখনৰ দ্বাৰা খেতিয়কৰ পথাৰলৈ পানী যোগান ধৰিবলৈ ব্যৱহাৰ কৰা পানীৰ পাইপসমূহ অসাধু চক্ৰই চুৰ কৰি নিয়াৰ লগতে বিভাগটোৰ কৰ্মচাৰীসকলৰ অকর্মণ্যতাৰ ফলত চিমেন চাপৰিৰ কৃষক ৰাইজ জলসিঞ্চনৰ সুবিধাৰ পৰা মুঠেও লাভান্বিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

জোনাই মহকুমাৰ কৃষকৰ মাজত সজাগতাৰ অভাৱৰ ফলত সৌৰশক্তিচালিত জলসিঞ্চন আঁচনিখনো(Irrigation department solar scheme at Jonai) সফলভাবে ৰূপায়ণ হোৱা নাই । মহকুমাটোৰ পোন্ধৰখন গাঁও পঞ্চায়তৰ দুই-চাৰিগৰাকী প্ৰগতিশীল খেতিয়কেহে এই আঁচনিখন গ্ৰহণ কৰিছে । উল্লেখ্য যে, জোনাই মহকুমাৰ চিমেন চাপৰি গাঁও পঞ্চায়তখন সম্পূর্ণ খৰাংপীড়িত হোৱাৰ লগতে চমকং, ডেকাপাম, গালী চিকাৰী ৰাজাখানা, ৰায়েং বিজয়পুৰ, ছিগা গাঁও পঞ্চায়তৰ অধিকাংশ কৃষিভূমিয়েই খৰাংপীড়িত অঞ্চল ।

উল্লিখিত গাঁও পঞ্চায়তকেইখনৰ লগতে মহকুমাটোৰ লাইমেকুৰী, তেলাম, ৰামধন দিখাৰী, বাহিৰ জোনাই, জোনাই, বাহিৰ চিলে, কেমিজেলম অঞ্চলৰ কৃষকে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আওপুৰণি কৃষি পদ্ধতিৰে খেতি-বাতি কৰি আহিছে । ইয়াৰ উপৰিও জোনাই জলসিঞ্চন বিভাগৰ কেইবাটাও কাৰ্যালয় গৃহ, পানী যোগান আঁচনি হাবি-জংঘলে আৱৰি ধৰি ভাঙি যোৱাত গোহালীসদৃশ পৰিৱেশলৈ পৰিণত হৈছে । গতিকে স্থানীয় ৰাইজে অতিশীঘ্ৰে জোনাই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগতে পাইপ লাইনসমূহ মেৰামতিৰে খেতিয়কৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক দাবী জনাইছে ৷

লগতে পঢ়ক:Flood relief scam at Senga: বান সাহায্যৰ বিতৰণত দালালৰ দপদপনি

ABOUT THE AUTHOR

...view details