অসম

assam

ETV Bharat / state

নিযুক্তি কেলেংকাৰী: ক্ষোভ প্ৰকাশ বঞ্চিত প্ৰাৰ্থীৰ - নিযুক্তি কেলেংকাৰী

জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ বঞ্চিত প্ৰাৰ্থীয়ে(irregularities in the name of recruitment) ।

irregularities in the name of recruitment in Murkanchelek college
নিযুক্তি কেলেংকাৰী: ক্ষোভ প্ৰকাশ বঞ্চিত প্ৰাৰ্থীৰ

By

Published : Oct 1, 2022, 9:48 PM IST

Updated : Oct 1, 2022, 10:59 PM IST

জোনাই ১ অক্টোবৰ: জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ত নিযুক্তিৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন বঞ্চিত প্ৰাৰ্থীৰ(irregularities in the name of recruitment) ৷ মহাবিদ্যালয়খনত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ বাবে আবেদন কৰিছিল ক্ৰমে ২৪ গৰাকী আৰু ২২ গৰাকী প্ৰাৰ্থীয়ে । কিন্তু মহাবিদ্যালয়খনৰ বাছনি কমিটিয়ে উক্ত লিখিত পৰীক্ষাৰ কোনোধৰণৰ ফলাফল ঘোষণা নকৰাকৈ একাংশ প্ৰাৰ্থীক বাদ দি একাংশ প্ৰাৰ্থীকহে কম্পিউটাৰ টেষ্টৰ বাবে মাতে ৷ অভিযোগমতে উক্ত কম্পিউটাৰ পৰীক্ষাত গুৱাহাটী আই.আই.টি অথবা এমট্ৰ'নৰ কম্পিউটাৰ বিশেষজ্ঞৰ দ্বাৰাহে পৰিচালিত হব লাগিছিল যদিও মহাবিদ্যালয়খনৰ এগৰাকী সহযোগী অধ্যাপকহে সন্দেহজনকভাৱে পৰীক্ষাগৃহত নিৰীক্ষক হিচাপে উপস্থিত থাকে ।

তদুপৰি, কম্পিউটাৰ টেষ্টৰো কোনোধৰণৰ ফলাফল ঘোষণা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বঞ্চিত প্ৰাৰ্থীয়ে ৷ সন্দেহজনকভাৱে এগৰাকী প্ৰাৰ্থীক বাছনি কৰি উচ্চ শিক্ষা সঞ্চাকালয়লৈ নাম প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বঞ্চিত প্ৰাৰ্থীসকলে । উক্ত বাছনি পৰীক্ষাত সংঘটিত হোৱা অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি পৃথকে পৃথকে বঞ্চিত প্ৰাৰ্থীয়ে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অসম মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা উচ্চ শিক্ষা সঞ্চাকালয়ৰ সচিবালয়লৈ ।

নিযুক্তি কেলেংকাৰী: ক্ষোভ প্ৰকাশ বঞ্চিত প্ৰাৰ্থীৰ

তদুপৰি মুৰ্কংচেলেক মহাবিদ্যালয়ৰ তৃতীয় বৰ্গ পদৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা অনিয়ম-দুৰ্নীতিৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰাৰ লগতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে জোনাই জিলা টিএম.পি.কে, জাতীয় সংগঠনে(irregularities in the name of recruitment in Murkanchelek college) ৷

লগতে পঢ়ক:National Games 2022 : গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ

Last Updated : Oct 1, 2022, 10:59 PM IST

ABOUT THE AUTHOR

...view details