অসম

assam

ETV Bharat / state

Maternal death incident: প্ৰসূতিৰ মৃত্যু সন্দৰ্ভত চিকিৎসক, নাৰ্চ, আশাকৰ্মী, মৃতকৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ

ধেমাজি জিলাৰ জোনাইত প্ৰসূতি মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পিচতে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ধেমাজি জিলা আয়ুক্তৰ নিৰ্দেশানুসৰি ধেমাজি অসামৰিক চিকিৎসালৰ মুখ্য চিকিৎসক তথা চিকিৎসা বিষয়া ডাঃ কিশোৰ কুমাৰ কমানৰ নেতৃত্বত এটা চিকিৎসকৰ দলে অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ দুঘন্টা ধৰি চিকিৎসক, নাৰ্চৰ ভাষ্য গ্ৰহণ কৰে ৷

ধেমাজি চিকিৎসক দলৰ চিকিৎসক, নাৰ্চ, আশাকৰ্মী, মৃতকৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ
ধেমাজি চিকিৎসক দলৰ চিকিৎসক, নাৰ্চ, আশাকৰ্মী, মৃতকৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 2:29 PM IST

ধেমাজি চিকিৎসক দলৰ চিকিৎসক, নাৰ্চ, আশাকৰ্মী, মৃতকৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ

জোনাই, ১১ অক্টোবৰ :ধেমাজি জিলাৰ জোনাইত যোৱা 8 অক্টোবৰত জোনাইৰ ৩০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ হেমাহিৰ ফলত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ৷ প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্ত বিচাৰি সংবাদমাধ্যমত সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ৷

ইয়াৰ পিচতেই মঙলবাৰে ধেমাজি জিলা আয়ুক্তৰ নিৰ্দেশানুসৰি ধেমাজি অসামৰিক চিকিৎসালৰ মুখ্য চিকিৎসক তথা চিকিৎসা বিষয়া ডাঃ কিশোৰ কুমাৰ কমানৰ নেতৃত্বত এটা চিকিৎসকৰ দলে অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ দুঘন্টা ধৰি চিকিৎসক, নাৰ্চৰ ভাষ্য গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে চিকিৎসকৰ দলটোৱে পুৰণা জেলম গাঁৱত উপস্থিত হৈ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে আশাকৰ্মীৰ ভাষ্য গ্ৰহণ কৰে ৷ অৱশ্যে অনুসন্ধান কমিটিৰ চিকিৎসকৰ দলটোৱে সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 7 অক্টোবৰৰ নিশা জোনাইৰ অয়ান জেলম গাঁৱৰ কৃষ্ণা পেগু নামৰ এগৰাকী প্ৰসূতিক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ নিশা মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ পিচতেই তেওঁৰ ৰক্তক্ষৰণ হৈ স্বাস্থ্যৰ অৱনতি ঘটে ৷ লগে লগে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নিশা কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ জ্যোতিষ দলেক যোগাযোগ কৰে ৷

কিন্তু চিকিৎসকজনে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত প্ৰসূতিগৰাকী ৰক্তক্ষৰণ হৈ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে, নিশা মহিলাগৰাকীৰ স্বাস্থ্য ক্ৰমাৎ অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিবৰ বাবে চিকিৎসকজনক পৰিয়ালৰ লোকে বাৰে বাৰে আহ্বান জনাইছিল যদিও পৰিয়ালৰ লোকৰ কোনোধৰণৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে ৷ চিকিৎসালয় কৰ্তৃপক্ষই ওৰে নিশা চিকিৎসালয়তে অসুস্থ প্ৰসূতিগৰাকীক চিকিৎসাৰ নামত ৰাখি থয় ।

তাৰ পিচতে মহিলাগৰাকীৰ ৰক্তক্ষৰণ হৈ থকাৰ পিচতে দেওবাৰে পুৱা মহিলাগৰাকীক অৰুণাচলৰ পাচিঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় । এই ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Maternal death: চিকিৎসকৰ হেমাহিৰ ফলত প্ৰসূতিৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details