জোনাই,19 জুন: ধেমাজিৰ বন বিষয়া মহৎ তালুকদাৰৰ পিছতে আৰক্ষীৰ জালত পৰিছে অন্য এগৰাকী ঘোচখোৰ বন বিষয়া ৷ চোৰাং কাঠ ব্যৱসায়ীৰে মিতিৰালি কৰি ধন সংগ্ৰহৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে জোনাইৰ আঞ্চলিক বন বিষয়া ফকৰুল ইছলামক ৷ এই ঘটনাৰ পিছতে শুকুৰবাৰে পুৱা বিষয়াগৰাকীৰ জোনাইস্থিত চৰকাৰী বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই ৷ পৰৱৰ্তী সময়ত জোনাইৰ বন বিভাগৰ কৰ্মচাৰীৰ বাসগৃহতো অভিযান চলাই অনুসন্ধানকাৰী দলটোৱে ৷ তদুপৰি দলটোৱে স্থানীয় বন বিভাগৰ কাৰ্যালয়ত প্ৰায় চাৰি ঘণ্টা জোৰা এক অভিযান চলাই যদিও কোনো আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱা নাই ৷ তাৰ বিপৰীতে দলটোৱে জব্দ কৰে কিছু চৰকাৰী নথি-পত্ৰ ৷
দুৰ্নীতি নিবাৰক শাখাৰ উপ পৰিদৰ্শক হাবিদুৰ ৰহমানৰ নেতৃত্বত চাৰিজনীয়া এটা অনুসন্ধানকাৰী দলে বন বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত মাৰাথান অভিযান চলায় ৷ উল্লেখ্য যে,জব্দকৃত কাঠ ব্যৱসায়ীৰ বাহন মোকোলাই দিয়াৰ নামত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিছিল বন বিষয়া ফকৰুল ইছলাম ৷ ধেমাজিৰ কানিবিলৰ দলঙৰ সমীপত কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা প্ৰায় 55 হাজাৰ টকাৰ উৎকোচ গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে বন বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ বিগত বৰ্ষৰ চেপ্তেম্বৰত চিমেন চাপৰি আৰক্ষী থানাই জব্দ কৰিছিল কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ এখন কাঠ ভৰ্তি ট্ৰাক ৷ কিন্তু এই কাঠ সমূহত মৰা নাছিল কোনো ধৰণৰ বিভাগীয় ছীল-মোহৰ ৷ এই বিষয়ে আৰক্ষীয়ে জোনাইৰ আঞ্চলিক বন বিষয়াক অৱগত কৰে ৷ সেই অনুসৰি জব্দ কৃত কাঠবোৰ বিভাগীয় কাৰ্যালয়লৈ আনি ট্ৰাক মোকোলাই দিয়াৰ নামত প্ৰায় দুই লাখ টকা আদায় কৰে বন বিষয়া গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত বিগত 10জুনত দুৰ্নীতি নিবাৰক শাখাত গোচৰ ৰুজু কৰে সঞ্জীৱ দাসে ৷ উক্ত গোচৰৰ ভিত্তিতে ফকৰুলক কানিবিল দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷