অসম

assam

ETV Bharat / state

Inter School Competition : চিমেন চাপৰি ৰংপুৰীয়াত আন্তঃবিদ্যালয় প্ৰাইজমাণি প্ৰতিযোগিতা - Asom Jatiyatabadi Yuba Chatra Parishad

চিমেন চাপৰি ৰংপুৰীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰংপুৰীয়া, দা ধৰা গাঁও শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় আন্তঃবিদ্যালয় প্ৰাইজমাণি প্ৰতিযোগিতা ।

Competition at Rangpuria Primary School
ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:58 PM IST

ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰতিযোগিতা

জোনাই, ৩০ অক্টোবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰংপুৰীয়া, দা ধৰা গাঁও শাখা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় প্ৰাইজমাণি প্ৰতিযোগিতা অনুষ্ঠিত হয় । ছাত্র-ছাত্ৰী সকলৰ বৌদ্ধিক,মানসিক,শৈক্ষিক আৰু সাংস্কৃতিক দিশত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ আগবঢ়াই দিয়াৰ মানসেৰে আজি ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ত আন্তঃবিদ্যালয় প্ৰাইজমাণি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

উক্ত অনুষ্ঠানৰ কুইজ প্ৰতিযোগিতা 'ক' শাখাত পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ আৰু 'খ' শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় ।আনহাতে, 'সদনৰ মতে- ছাত্ৰ ৰাজনীতিত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ' বিষয়ত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইপিনে,'ক' আৰু 'খ' শাখাত অনুষ্ঠিত কৰা হয় আধুনিক নৃত্য প্ৰতিযোগিতাৰ । আজিৰ অনুষ্ঠানত চিমেন চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়, চমকং উচ্চ মাধ্যমিক বিদ্যালয়, চিমেন চাপৰি জাতীয় বিদ্যালয়, পশ্চিম চিমেন চাপৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ উপৰি চিমেন চাপৰি, চমকং অঞ্চলৰ বহু সংখ্যক মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম স্থান ধৃষ্টিময় তামুলী আৰু দ্বিতীয় অনুশ্ৰী বৰাই দখল কৰে । আনহাতে, কুইজ 'ক' শাখাত প্ৰথম চিমেন চাপৰি জাতীয় বিদ্যালয় আৰু দ্বিতীয় স্থান দেৱাংগনা গগৈৰ দলে দখল কৰে । কুইজ 'খ' শাখাত প্ৰথম স্থান চিমেন চাপৰি জাতীয় বিদ্যালয় আৰু দ্বিতীয় স্থান দখল কৰে পশ্চিম চিমেন চাপৰি আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ে । তদুপৰি নৃত্যত 'ক' শাখাত প্ৰথম নিকি চুতীয়া আৰু দ্বিতীয় স্থান লাভ কৰে অনামিকা শৰ্মাই । 'খ' শাখাৰ প্ৰথম দিপীকা খনিকৰ আৰু দ্বিতীয় স্থান দখল কৰে বিভাশ্ৰী মহন্তই ।

লগতে পঢ়ক:Aam aadmi party protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আম আদমীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details