অসম

assam

By

Published : Oct 11, 2020, 7:20 PM IST

ETV Bharat / state

ধেমাজিত আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন

আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি ধেমাজিত জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এক অনুষ্ঠান ।

ধেমাজিত আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন
ধেমাজিত আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন

ধেমাজি ,11 অক্টোবৰ:সমগ্র দেশৰ লগতে ধেমাজিতো দেওবাৰে ধেমাজি জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আন্তৰ্জাতিক কন্যা শিশু দিৱসটি জামুগুৰি পাচঁআলিৰ বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পালন কৰা হয় ।

উল্লেখযোগ্য যে, ক’ভিড -১৯ ৰ সকলো নীতি নিয়ম অনুসৰি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিতথাকে ধেমাজি জিলা সমাজ কল্যাণ বিষয়া গৰাকী। উক্ত সভাত বিষয়া গৰাকীয়েমন্তব্য কৰে যে লিংগ বৈষম্য দূৰ কৰি সকলো কন্যা শিশুৱে সম অধিকাৰ শিক্ষা লাভকে ধৰি সকলো আনুসংগিক সা-সুবিধা লাভ কৰাটো বাধ্যতামূলক বুলি মন্তব্য কৰে ‌। ইয়াৰ বাবে সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব বুলি কয় ।

এই সভাতেই ৫০ গৰাকী ছাত্রীৰ মাজত চেনিটাৰী নেপকিন আৰু কন্যা বচাওক কন্যা পঢ়ুৱাওক শীৰ্ষক শ্ল'গানৰ লগোসহ লিখিত একোটাকৈ কফি কাপ বিতৰণ কৰে । লগতে অঞ্চলটো দহ গৰাকী শিশুৰ মাতৃক একোটাকৈ বেবী কিটছ প্ৰদান কৰে ।

ইফালে এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ , বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বহু স্থানীয় মহিলা শিশুও উপস্থিত থাকে ।


ABOUT THE AUTHOR

...view details