ধেমাজি,11মে': ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ধেমাজিত । 200 খন বিছনাৰ বাবে উন্নীত কৰা ধেমাজি অসামৰিক চিকিৎসালয়ত সম্প্ৰতি 160 খন বিছনা আছে । সময় মতে চিকিৎসালয়লৈ নাহে চিকিৎসক । জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ অহা ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হয় । ইপিনে নিশাৰ ভাগত অথবা দেওবাৰে অহা ৰোগীয়ে প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসকক বিচাৰি পোৱাটো কঠিন হৈ পৰে ।
উল্লেখ্যযে চিকিৎসালয়ৰ নিয়ম মতে পুৱা 8.30ত চিকিৎসালয়ত উপস্থিত হবহি লাগে বিভাগীয় একোজন চিকিৎসক । আশ্চৰ্য জনক কথা যে সময়ৰ জ্ঞান নুবুজা এইসকল চৰকাৰী সা সুবিধা মোটা দা-দৰ্মহা লৈ থকা চিকিৎসকে কৰ্ত্তব্যলৈ পিঠি দি নিজৰ ইচ্ছা মতে আহে আৰু যায় । আনফালে সংশ্লিষ্ট বিভাগে চিকিৎসকৰ উপস্থিতি নিৰীক্ষণৰ বাবে চিকিৎসালয়ত "পাঞ্চ ইন" মেচিন স্থাপন কৰিছে যদিও কাৰ্যত সেয়া অসাৰ ৰূপেহে প্ৰতিপন্ন হৈছে ।