জোনাই, 5 ছেপ্টেম্বৰ :ধেমাজি জিলাৰ জোনাইত খেৰলৈ পৰ্যবসিত হৈছে বৃহৎ অঞ্চলৰ কৃষিভূমি (Insects attack paddy field in Dhemaji) ৷ জিলাখনৰ জোনাই মহকুমাৰ ৰায়াং বিজয়পুৰ, বাহিৰ জোনাই আদি কেইবাখনো পঞ্চায়তৰ বৃহৎ কৃষিভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ যাৰ ফলত হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা নষ্ট হোৱাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে এই বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে ৷ এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
বৃহত্তৰ জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে (Insect attack in paddy fields) ।
ভাদ মাহৰ খেতিডৰা পোকৰ উপদ্ৰৱত এতিয়া সেউজীয়া হোৱাৰ বিপৰীতে ৰাঙলী তথা হালধীয়া হৈ পৰিছে ৷ সেয়েহে দুৰ্ভগীয়া খেতিয়কসকলে মূৰত হাত দি বহি থকাৰ বাহিৰে উপায় নোহোৱা হৈছে । ইপিনে,অচিন পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাই মহকুমা কৃষি বিভাগক আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী খেতিয়ক ৰাইজে ।