অসম

assam

By

Published : Feb 1, 2023, 4:10 PM IST

ETV Bharat / state

Poba reserve forest: আঘাতপ্ৰাপ্ত বন্যহস্তীক শুশ্ৰূষা কৰাৰ চেষ্টা

জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত বন্যহস্তীক জোনাই বন বিভাগ আৰু পশু চিকিৎসাৰ দ্বাৰা শুশ্ৰূষা কৰাৰ চেষ্টা (injured elephant in Poba reserve forest) । বিগত কেইদিনমানৰ পৰা পবা সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতী থকা বুলি জানিব পাৰি জোনাই বন বিভাগৰ নেতৃত্বত শুশ্ৰূষা আগবঢ়োৱা হয় ।

injured elephant in Poba reserve forest
আঘাতপ্ৰাপ্ত বন্যহস্তীক শুশ্ৰূষা কৰাৰ চেষ্টা

আঘাতপ্ৰাপ্ত বন্যহস্তীক শুশ্ৰূষা কৰাৰ চেষ্টা

জোনাই,১ ফেব্ৰুৱাৰী: বিগত কিছুদিনৰ পৰা পবা সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতী থকা বুলি তথ্য লাভ কৰে জোনাই বন বিভাগে (Jonai forest department) । উক্ত খবৰ লাভ কৰাৰ পিছতে বন বিভাগৰ নেতৃত্বত ডিব্ৰু-ছৈখোৱাৰ পৰা অহা পশু চিকিৎসক আৰু সাংবাদিকৰ এটা দলৰ লগতে Team Jonai নামৰ জোনাইৰ এটা বেচৰকাৰী সংস্থাৰ দলে হাতীটোক বিচাৰি মঙলবাৰে এক অভিযান চলায় ৷

পবা সংৰক্ষিত বনাঞ্চলৰ (Poba reserve forest) তিনিমাইল খণ্ডৰ অন্তৰ্গত অঞ্চলত অভিযান চলাই অৱশেষত আঘাতপ্ৰাপ্ত হাতীটোক বনাঞ্চলৰ ভিতৰত ট্ৰেক কৰিবলৈ সক্ষম হয় (injured elephant in Poba reserve forest) ৷ অভিযানকাৰী দলটোৰ সৈতে যোৱা পশু চিকিৎসকৰ দলটোৱে হাতীটোক ট্ৰেক কৰি হাতীটোৰ এখন ভৰিত গুৰুতৰভাৱে আঘাত থকা প্ৰত্যক্ষ কৰে (injured wild elephant treatment at Poba forest) ৷

ইয়াৰ পিছতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বিশেষজ্ঞ পশু চিকিৎসকৰ দলটোৱে কলৰ ভিতৰত ঔষধ মিহলাই হাতীটোক শুশ্ৰূষাৰ চেষ্টা কৰাৰ লগতে এনেদৰেই প্ৰায় এসপ্তাহ ধৰি চিকিৎসা চলাই থকা হ'ব বুলি জানিবলৈ দিয়ে বিশেষজ্ঞ দলটোৱে । অৱশ্যে হাতীটো কি কাৰণত আঘাতপ্ৰাপ্ত হৈছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

উল্লেখ্য, যে ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । বিশেষকৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক । এনেদৰে ওলাই অহা হাতীৰ জাকে খেতিপথাৰৰ শস্য খাই তহিলং কৰাৰ লগতে মানুহৰ বসতিস্থানতো প্ৰৱেশ কৰে । কেৱল সিমানেই নহয় বহু সময়ত মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ধ্বংস কৰি পেলায় ।

আনকি হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণহানি পৰ্যন্ত হয় । আনহাতে, বহু ক্ষেত্ৰত আকৌ এনেদৰে ওলাই অহা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুকো সাবটিব লগা হয় । একদৰে পবা সংৰক্ষিত বনাঞ্চল তথা ইয়াৰ দাঁতিকাষৰীয়া বনাঞ্চলৰ পৰাও বনৰীয়া হাতীৰ জাক ওলাই আহি নিকটৱৰ্তী গাঁওবোৰত আক্ৰমণ কৰে ।

লগতে পঢ়ক:Increased ferry service fares: ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

ABOUT THE AUTHOR

...view details