জোনাই, 21 নৱেম্বৰ :বানে বিধ্বস্ত কৰা কবু চাপৰিত (Kobu chapori flood) এতিয়া বন্যপ্ৰাণীৰ হাহাকাৰ ৷ শনিবাৰে জোনাই(Jonai)ৰ নদীদ্বীপ তথা বানে বিধস্ত কৰা কবু চাপৰিৰ 3নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা দিশহাৰা সুগৰী পহু (Indian Hoog Deer) ৷ ইয়াৰ পিছতে নাতন দলে নামৰ স্থানীয় প্ৰকৃতি প্ৰেমী এজন যুৱকে কবু চাপৰিৰ পৰা এখন নাৱেৰে সুগৰী পহুটোক সংৰক্ষিত পবা বনাঞ্চলৰ তিনিমাইল বিটলৈ আনে ৷
লগতে উক্ত বিটতে সুগৰী পহুটো বনবিভাগ (kobu chapori Forest Department)ক চমজাই দিয়ে প্ৰকৃতিপ্ৰেমী নাতন দলেই ৷ বানত দিশহাৰা হৈ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা সুগৰী পহুটোক জোনাইৰ পশু চিকিৎসা বিভাগত প্ৰাথমিক চিকিৎসা কৰা হয় ৷ ইয়াৰ পাচতে পবা সংৰক্ষিত বনাঞ্চল(Poba Reserve Forest)ত সুগৰী পহুটোক এৰি দিয়ে বন বিভাগে ৷