জোনাই,19 অক্টোবৰঃ ভাৰতীয় সেনাত যোগদানৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে জোনাইৰ ৰায়াংস্থিত ভাৰতীয় স্থলসেনাৰ 103 Infantry Brigade এ ৷ শনিবাৰে স্থানীয় মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত মহাবিদ্যালয়খনৰ সৌজন্যত অনুষ্ঠিত হৈ যায় এই কাৰ্যসূচী ৷
ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী - Know Your Army at Jonai
শনিবাৰে জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায় "Know Your Army" শীৰ্ষক কাৰ্যসূচী ৷ ৰায়াংস্থিত ভাৰতীয় স্থলসেনাৰ 103 Infantry Brigade এ আয়োজন কৰে এই কাৰ্যসূচী ৷
ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী
মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ দলে এই কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিগেড্ৰিয়াৰ চোম্য বেনাৰ্জী, কৰ্ণেল অজয় কুমাৰকে ধৰে শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ জোৱানসকলে ৷ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ভাৰতীয় সেনাই নিজৰ অস্ত্ৰ প্ৰণালী প্ৰদৰ্শন কৰাৰ লগতে এইসমূহ অস্ত্ৰ প্ৰণালী কিদৰে ব্যৱহাৰ হয় তাৰ বিষয়েও ভাষণ প্ৰদান কৰে ৷ ভাৰতীয় সেনাই ব্যৱহাৰ কৰি অহা অস্ত্ৰসমূহ এবাৰ ব্যৱহাৰ কৰি চোৱাৰ সুযোগ লাভ কৰে শিক্ষাৰ্থীসকলে ৷