জোনাই , 15 জুলাই :দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ কোনো কোনো ঠাইত ভয়াৱহভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও বৰ্তমান সংক্ৰমণ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ভালে সংখ্যক ঠাইত ৷ জোনাইত সামগ্ৰিক বাবে ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও দৈনিক ৰেপিড টেষ্টত ধৰা পৰিছে ক’ভিড ৰোগী ৷ জোনাইত চহৰতকৈ গাঁও অঞ্চলত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷
জোনাইত 44436 গৰাকীক ৰেপিড টেষ্ট কৰা হৈছে ৷ বৰ্তমানলৈকে ক’ভিড পজিটিভৰ সংখ্যা 551 জনলৈ বৃদ্ধি হৈছে ৷ ইয়াৰে বৰ্তমান ক’ভিড কেয়াৰত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা 94, গৰাকী ৷ সম্পূৰ্ণ ৰূপে আৰোগ্য হৈছে 455 গৰাকী ৰোগী ৷ জোনাইৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়ে এইসমূহ তথ্য ৷
আনহাতে, সম্প্ৰতি ক’ভিড-19 অতিমাৰীৰ আতংকত সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাটো বিশেষকৈ 18 বছৰৰ তলৰ কিশোৰ আৰু শিশুসকল এইবাৰৰ ক'ভিড ঢৌত বাৰুকৈয়ে আক্ৰান্ত হৈছে । পৰৱৰ্তী সময়ত মূলতঃ শিশুসকল এই ৰোগৰ ব্যাপক চিকাৰ হ'ব পাৰে বুলি সাৱধান বাণী শুনাইছে চিকিৎসা বিশেষজ্ঞসকলে । এনে পৰিস্থিতিত সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ । জোনাই মহকুমাটো কিশোৰ আৰু শিশুসকল এই ৰোগত আক্ৰান্ত হোৱাৰ পৰিসংখ্যা শংকাজনক । উল্লেখ্য যে, মহকুমাটোত মূঠ শিশু ক'ভিডত আক্ৰান্ত 53 গৰাকী, 9 গৰাকী শিশু ক’ভিড কেয়াৰত চিকিৎসাধীন হৈ আছে ৷