অসম

assam

ETV Bharat / state

চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত - 50 lakh embankment

জোনাইৰ চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে কেইবাখনো গাঁৱৰ ঘৰ-বাৰীৰ লগতে কৃষিভূমি ৷ বানৰ তাণ্ডৱত ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত ৫০ লাখটকীয়া নিৰ্মীয়মান মথাউৰি ৷

increase flood at jonai dhemaji assam etv bharat news
বানৰ তাণ্ডৱ

By

Published : Jun 17, 2020, 1:54 PM IST

জোনাই,17 জুন:কৰ’ণাৰ আতংকৰ মাজতে তাণ্ডৱ সৃষ্টি বানৰ ৷ বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈছে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাহিৰ জোনাইৰ বেৰা চাপৰিৰ অন্তৰ্গত কেইবাখনো গাঁও ৷ অঞ্চলটোত চিয়াং নদীৰ পানী ফেনে-ফুটুকাৰে বঢ়ি অহাৰ ফলত স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈছে স্থানীয় বাসিন্দাসকল ৷ বিগত দুদিন ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বেৰা চাপৰিৰ কেইবাখনো গাঁৱৰ মাটি-ভেটিৰ লগতে শ শ বিঘা কৃষিভূমি ৷

অব্যাহত বানৰ তাণ্ডৱ

উল্লেখ্য যে, চিয়াং নদীৰ বানৰ ফলত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে বেৰা চাপৰিৰ নিৰ্মীয়মান ৫০ লাখটকীয়া মথাউৰিটো বাঢ়নী পানীয়ে কেইবাঠাইতো বিছিন্ন কৰে ৷ যাৰ ফলত পশুধন সহিতে সম্প্ৰতি পথৰ সমীপত স্থাপন কৰা আশ্ৰয় শিবিৰৰ আলহী হৈছে অঞ্চলবাসী ৷

লগতে চাওকঃধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ABOUT THE AUTHOR

...view details