অসম

assam

ETV Bharat / state

অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষত পৰ্যটন প্ৰকল্প উদ্বোধন - arunachal

অৰুণাচল প্ৰদেশৰ সৌন্দৰ্যৰ ৰাণী তথা পৰ্যটনৰ অন্যতম আকৰ্ষণৰ থলী পাচিঘাটৰ চিয়াং নৈৰ কাষৰ ৰানাঘাটত এটা নতুন পৰ্যটন প্ৰকল্প উদ্বোধন কৰে পাচিঘাট পূৱ সমষ্টিৰ বিধায়ক কালিং ময়ঙে ৷ এই প্ৰকল্পটোত ফট’গ্ৰাফী পইণ্ট, স্বয়ংসেৱী কফি গৃহ, আধুনিক সুবিধাযুক্ত শৌচাগাৰ, পাৰ্ক, আৰ চি চি পথ, ট্ৰেকিং পথ আদি উন্নত মানেৰে নিৰ্মাণ কৰা হ'ব ৷

Inauguration of a project at Ranaghat in Arunachal
অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষৰ ৰানাঘাটত এটা পৰ্যটন প্ৰকল্প উদ্বোধন

By

Published : Nov 8, 2021, 1:58 PM IST

জোনাই, 8 নৱেম্বৰ :অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ চিয়াং নৈৰ কাষৰ ৰানাঘাটত এটা নতুন পৰ্যটন প্ৰকল্প উদ্বোধন কৰে পাচিঘাট পূৱ সমষ্টিৰ বিধায়ক কালিং ময়ঙে ৷ অৰুণাচল প্ৰদেশৰ সৌন্দৰ্যৰ ৰাণী তথা পৰ্যটনৰ অন্যতম আকৰ্ষণৰ থলী পাচিঘাট চহৰখনক ৰাজ্যখনৰ ভিতৰতে আৰ্কষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উক্ত প্ৰকল্পটো উদ্বোধন কৰা হয় ৷

অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষৰ ৰানাঘাটত এটা পৰ্যটন প্ৰকল্প উদ্বোধন

এই প্ৰকল্পটো নিৰ্মানৰ বাবদ মুখ্যমন্ত্ৰী কোষৰ পৰা 3.50 কোটি টকা আগবঢ়াইছে বুলি জানিব পৰা গৈছে ৷ এই অনুদানৰ অধীনত পাচিঘাটৰ জনপ্ৰিয় স্থান ৰানঘাট দলঙৰ সমীপত চিয়াং নদীৰ কাষতে এটা পৰ্যটন প্ৰকল্প বনোৱা হ'ব ৷

এই প্ৰকল্পটোত ফট’গ্ৰাফী পইণ্ট, স্বয়ংসেৱী কফি গৃহ, আধুনিক সুবিধাযুক্ত শৌচাগাৰ, পাৰ্ক, আৰ চি চি পথ, ট্ৰেকিং পথ আদি উন্নত মানেৰে নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ বিধায়ক ময়ঙে কয় যে, এই প্ৰকল্পই চিয়াং নদী আৰু ৰানাঘাটৰ দলঙৰ কাষৰীয়া অঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে মধ্য আৰু উজনি অৰুণাচলৰ পৰ্যটনৰ দিশতো এক নতুন মাত্ৰা প্ৰদান কৰিব ৷

উল্লেখ্য যে , শনিবাৰে অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত পূৱ চিয়াং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, IRBN ৰ Commandant, নগৰ উন্নয়ন বিষয়া, পৰ্যটন বিষয়া আদি বহুগৰাকী বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :তুলিৰাম ৰংহাঙলৈ ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ABOUT THE AUTHOR

...view details