ধেমাজি, ২১ ডিচেম্বৰ: ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্রৰ অন্তৰ্গত লটাকস্থিত এন চি ডি মহাবিদ্যালয়ৰ জনাকীর্ণ প্ৰেক্ষাগৃহত সোমবাৰে মিছিং কাব্য গ্ৰন্থ ' নম আইপে মে: নামচে টা: লা: মা: নাম পাব্বে' উন্মোচন কৰা হয় । গুৱাহাটী-ৰামপুৰৰ পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট সাহিত্যিক কালিনাথ পাংগিঙে ৷ তেওঁ গ্ৰন্থখন উন্মোচন কৰি কয় যে, 'কবিসকলৰ হৃদয় আলফুলীয়া হ'ব লাগে । মিছিং কাব্য সাহিত্যৰ স'তে জড়িত কবিসকলৰ সৰহভাগ কবিতাত প্ৰেম- ভালপোৱা, বান, গৰাখহনীয়াই জুৰুলা কৰা আদি অনেক কথা থাকে । কবিসকলৰ অহমিকা থাকিব নালাগে। মিছিং কবিতাত প্ৰেমৰ এটি নতুন ধাৰা সৃষ্টি কৰিলে চন্দ্র জ্যোতি দলে । তেওঁৰ কবিতাবোৰে যথেষ্ট অৰ্থ বহন কৰিছে' ।
গোগামুখ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক দীনমোহন দলে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকি বিশিষ্ট কবি- সমালোচক বিপুল শৰ্মাই কয় 'কবিতা দীঘল হ'বনে চুটি হ'ব, এইলৈ কোনো কবিয়ে মূৰ ঘমাব নালাগে । মাথোঁ এখন জীয়া ছবি দাঙি ধৰিব লাগে' । ইয়াৰোপৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, বিশিষ্ট কবি, লেখক তথা সাংবাদিক দীপক শৰ্মাইও কয় 'এখন সুন্দৰ নিকা সমাজ গঢ় দিব পাৰে কবি, সাহিত্যিক, শিল্পীসকলে । মননশীল সাহিত্য সৃষ্টিৰ বাবে নিকা অন্তৰৰ হ'ব লাগে । থান-বান হ'বলৈ ধৰা সমাজখন কবি- সাহিত্যিকসকলে কেনেদৰে সমন্বয় বজায় ৰাখিব পাৰে, তাৰ ওপৰত চিন্তা কৰিব লাগে' ।