ধেমাজি, 6 আগষ্ট :ধাৰাবাহিক বৰষুণ আৰু বানৰ পিছত এইবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । বাহিৰলৈ ওলালেই প্ৰখৰ ৰ'দৰ খাওঁ খাওঁ অৱস্থা । সেয়ে উৎকট গৰম পৰা কিছু সকাহ বিচাৰি শীতল পানীয় বিপনীৰ কাষ চাপিছে বহুজনে ।
বানৰ পিছত গৰমৰ উত্তাপে দহিছে ধেমাজিবাসীকো । সেয়ে চহৰখনত দুপৰীয়া প্ৰায়ে সেৰেঙা হৈছে নাগৰিকৰ উপস্থিতি । ইপিনে গৰমৰ সময়ছোৱাত ধেমাজিৰ পদপথৰ কেইবাগৰাকী কুঁহিয়াৰ ৰস ব্যৱসায়ীৰ দিন ভালে অতিবাহিত হোৱা বুলি জানিব পৰা গৈছে । গৰমৰ ফলত সাধাৰণ জনতাই আশ্ৰয় লৈছে কুঁহিয়াৰৰ ৰসৰ ৷ প্ৰখৰ ৰ'দৰ পৰা ক্ষন্তেক শান্তিৰ বাবে কুঁহিয়াৰ ৰস পান কৰি বহুতেই শীতল কৰিহে গৰম দহি যোৱা শৰীৰ ৷