অসম

assam

By

Published : Aug 24, 2020, 5:26 AM IST

ETV Bharat / state

শংকৰ-আজানৰ দেশত ইছলাম ধৰ্মীয় লোকে সাজি দিলে নামঘৰ

ধেমাজিৰ চিলাপথাৰত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । ইছলাম ধৰ্মৰ লোকে নিৰ্মাণ কৰিলে নামঘৰ । ২২নং অসম আৰক্ষী বাহিনীৰ কামাণ্ডেন্ট মোছলেহ উদ্দিন আহমেদে নিৰ্মাণ কৰিলে জগত গুৰু শ্রীমন্ত শংকৰদেৱ নামঘৰ ।

islamic people made Namghar
islamic people made Namghar

জোনাই, 23 আগষ্ট : শংকৰ-আজানৰ দেশ বুলি কোৱা হয় এইখন অসম ভূমি ৷ বিভিন্ন সময়ত বহু পৰিঘটনাই বহন কৰে সমন্বয়ৰ ধ্বজা ৷ তেনে এক ঘটনাই পুনৰ একতাৰ বাৰ্তা কঢ়িয়াইছে ধেমাজিত ৷ চিলাপথাৰ অসম-অৰুণাচল সীমান্ত লিকাবালিৰ ২২নং অসম আৰক্ষী বাহিনী কেম্পত সম্প্ৰীতি অন্যান্য নিদৰ্শন ৷ ইছলাম ধৰ্মাৱলম্বী লোকে নিৰ্মাণ কৰিলে নামঘৰ। ২২নং অসম আৰক্ষী বাহিনীৰ কামাণ্ডেন্ট মোছলেহ উদ্দিন আহমেদে নিৰ্মাণ কৰিলে জগত গুৰু শ্রীমন্ত শংকৰদেৱ নামঘৰ ।

সীমান্তবর্তী অঞ্চলত দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে দাবী কৰি আহিছিল এটা নামঘৰ স্থাপন কৰাৰ বাবে,যাতে তেওঁলোকে পূজা -অৰ্চনা কৰিব পাৰে । তাৰ প্ৰতি সঁহাৰি জনাই জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ নিৰ্মানৰ আগ ভাগ লয় কামাণ্ডেন্ট মোছলেহ উদ্দিন আহমেদে । নিজৰ পকেটৰ ধন খৰছ কৰাৰ লগতে দুই-চাৰিজন শুভাকাংশীৰ পৰা কিছু ধন সংগ্ৰহ কৰি সীমান্তৱর্তী এই কেম্পৰ চৌহদত নিৰ্মাণ কৰিলে নামঘৰ ।

চিলাপথাৰত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন

দেওবাৰে স্থানীয় লোক আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত নামঘৰৰ দ্বাৰ মুকলি কৰে মাজুলীৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তই । অনুষ্ঠানত উপস্থিত থাকে স্থানীয় আৰক্ষী জোৱান সকলৰ উপৰিও সাংসদ প্ৰদান বৰুৱা,ধেমাজিৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পি. ঘনাৱট আৰু চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গনেশ বৰ্মন ৷

লগতে পঢ়ক :গাঁঠিৰ ধন ভাঙি অৱসৰপ্ৰাপ্ত অধ্যক্ষই নিৰ্মান কৰিলে পদপথ

ABOUT THE AUTHOR

...view details