জোনাই, ৩১ অক্টোবৰ :অসম চৰকাৰৰ দ্বাৰা অনুমোদিত এছ অ’ পি ডি জি শিতানত আৱন্টিত ৩৮ কোটি টকাৰ পেকেজৰ অধীনত কেইবাটাও আধাৰশিলা স্থাপন কৰে জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ বিধায়ক উন্নয়ন পুঁজিৰ অধীনত জোনাইত মহকুমাত নিৰ্মাণ হ’ব লগা মুঠ ১৭ টা গড়কাপ্তানি পথৰ ভিতৰত জোনাইত ৭টা গড়কাপ্তানি পথৰ নিৰ্মাণৰ আধাৰশিলা আৰম্ভ কৰে বিধায়কজনে ৷
এই আধাৰশিলা আৰম্ভণি অনুষ্ঠানত বিধায়কজনে জোনাই সমষ্টিৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি সমূহৰ ওপৰতো আলোকপাত কৰে ৷ জোনাই মহকুমাত জৰাজীৰ্ণ হয় থকা জোনাই বজাৰৰ পৰা বাহিৰ জোনাই পথ, জোনাই বজাৰ গান্ধী ৰোড পথ, ৰাংকপ তিনিআলিৰ পৰা জোনাই টাউন ক্লাৱৰ পথ আৰু জোনাই সপ্তাহিক বজাৰ পথৰ লগতে আৰু তিনিখন পথৰ আধাৰ শিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ পিচতে জোনাই সদৰৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা যান-বাহন আস্থানত এখনি সভা অনুষ্ঠিত কৰে ৷ দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়, জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মা, জোনাই ব্লক সমিতিৰ উপ-সভাপতি বীৰ বাহাদুৰ লিম্বুকে ধৰি কেইবাগাৰকীও বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত থাকে ৷