জোনাই , 23 মে':ধেমাজি জিলা বন সংমণ্ডলৰ অন্তৰ্গত জোনাইৰ চিমেন চাপৰিত এতিয়া চলিছে বন ধ্বংসৰ যজ্ঞ ৷ অভিযোগ অনুসৰি এটা বনমাফিয়া দুষ্টচক্ৰই অঞ্চলটোত প্ৰাপ্ত বিভিন্ন মূল্যৱান গছসমূহ কাটি তহিলং কৰাৰ পিচতে , এইবেলি অঞ্চলটোৰ ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননি কৰণত প্ৰাপ্ত খয়েৰ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাব ধৰিছে ৷
জোনাইৰ চিমেন চাপৰিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা! - wood smuggling
35 টা কাঠৰ কুণ্ডা জব্দ ৷ বনবিভাগ-আৰক্ষীৰ ভূমিকাত ৰাইজ বিতুষ্ট ৷
অঞ্চলটোত বহু দিনৰে পৰা এচাম দুৰ্নীতি পয়্যান বন বিষযা আৰু আৰক্ষীৰ সহযোগতেই বন ধ্বংস যজ্ঞ চলি আহিছে বুলি জনসাধাৰণে অভিযোগ তুলে ৷ বহু দিনৰ পৰা অঞ্চলটোত খয়েৰ কাঠকে ধৰি অন্যান্য মূল্যবান কাঠৰ লগতে কুণ্ডাৰ ব্যৱসায় চলি অহাৰ বিষয়ে আৰক্ষীয়ে জানিও কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷ ইপিনে যোৱা 19 তাৰিখে, বন বিভাগে চিমেন চাপৰি ভূমি সংৰক্ষণ বিভাগৰ সামাজিক বননিৰ, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অতিথি শালা চাৰিসীমা বেৰৰ পিছ ফালৰ পৰা 35 টা কাঠৰ কুণ্ডা জব্দ কৰে ৷ উল্লেখ্য যে , প্ৰাধিকাৰী বিষয়া চহিকুল ৰহমান, ধেমাজি সহকাৰী বন ৰক্ষক মতিউ ৰহমান আৰু জোনাই আঞ্চলিক বন বিষয়া ফকৰুল ইছলামৰ তৎপৰতাত , টেলাম খণ্ড বন পালক হেমচন্দ্ৰ পাঞাঙৰ নেতৃত্বত যোৱা এটি বনকৰ্মী দলে অভিযান চলাই উক্ত খয়েৰ কাঠৰ কুণ্ডা সমূহ জব্দ কৰে ৷ যদিও এই সন্দৰ্ভত কোনো দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে বন বিভাগে খয়েৰ কাঠৰ কুণ্ডা সমূহ জব্দ কৰে যদিও এই পৰ্যন্ত "কাঠৰ ল'ক মেজাৰমেন্ট" জব্দনামা প্ৰস্তুত নকৰাৰ বাবে স্থানীয় ৰাইজে এই ক্ষেত্ৰত বন বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷
ইয়াৰ পূৰ্ৱেও 11 এপ্ৰিলত চিমেন চাপৰিৰ চেঙাজান বগৰীবাৰী এলেকাৰ পৰা 41 টা খয়েৰ গছৰ কুণ্ডা ধেমাজিৰ ডিমৌ খণ্ড বন পালকে জব্দ কৰিছিল যদিও উচ্চ পদ বিষয়াৰ হেচাত, জব্দ কৰিয়ে বন বিভাগে দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বন বিভাগে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ধেমাজি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক্ষোভ প্ৰকাশ কৰি জিলা উপায়ুক্তৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে ৷