জোনাই, 18 ছেপ্টেম্বৰ: জোনাই মহকুমাৰ চিমেন চাপৰিৰ প্ৰস্তাৱিত চিকিৎসালয়ৰ ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলোৱাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা সঁজাতি দলে দেওবাৰে অসম চৰকাৰে ইতিমধ্যে চিকিৎসালয়ৰ বাবে আৱণ্টন দিয়া চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ 17 নং দাগ নম্বৰৰ 20 বিঘা ভূমি পৰিদৰ্শন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ চলাই থকা পকী বেৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
চিমেন চাপৰিৰ চিকিৎসালয় নিৰ্মাণৰ বাবে আৱণ্টন পোৱা চৰকাৰী ৰাজহুৱা ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদে অবৈধভাৱে নিৰ্মাণকাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । চিকিৎসালয় প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে আৱন্টন দিয়া চিমেন চাপৰি ৰাজহুৱা ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা চৌহদ বেৰ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গণত অঞ্চলটোৰ বিভিন্ন দল, সংগঠন, বুদ্ধিজীৱী, সাধাৰণ ৰাইজৰ উপস্থিতিত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ।