ধেমাজি , 29 আগষ্টঃ যি সময়ত অসম চৰকাৰে সকলো কামতে নিকা আৰু স্বচ্ছতাৰ কথা কৈ আহিছে তেনে সময়ত ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ত চলিছে ব্যাপক অৰাজকতা ৷ এইক্ষেত্ৰত ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এগৰাকী ডাটা এন্টি অপাৰেটৰক বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ বিভাগটোৱে চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি মইমতালিৰে নিযুক্তি দিয়াক লৈ জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ ৷ বিষয়টো তদন্ত কৰি এই অবৈধ নিযুক্তি কাৰ্যত জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি যথোচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই এখন স্মাৰকপত্ৰ শুকুবাৰে ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীক প্ৰদান কৰে সংগঠনটোৱে ৷
ধেমাজি স্বাস্থ্য বিভাগৰ নিযুক্তিত বিসংগতিৰ অভিযোগ - illegal appointment at dhamaji health department
ধেমাজি স্বাস্থ্য বিভাগত অৰাজকতা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই নিযুক্তি দিয়াৰ অভিযোগ ৷
![ধেমাজি স্বাস্থ্য বিভাগৰ নিযুক্তিত বিসংগতিৰ অভিযোগ illegal appointment at dhamaji health department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8599106-689-8599106-1598668221286.jpg)
ধেমাজি স্বাস্থ্য বিভাগৰ নিযুক্তিত বিসংগতিৰ অভিযোগ
ধেমাজি স্বাস্থ্য বিভাগৰ নিযুক্তিত বিসংগতিৰ অভিযোগ
ইপিনে এই দুষ্কৰ্মত জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি শাস্তি প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত বিভাগটোৰ এনে দুৰ্নীতি আৰু মইমতালিৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়াই দিয়ে পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই ৷
লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচন নেখেলাৰ সিদ্ধান্তত প্ৰতিক্ৰিয়া সমষ্টিবাসীৰ