অসম

assam

By

Published : Mar 7, 2021, 1:00 PM IST

ETV Bharat / state

বিজেপি-এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !

বিজেপি দলৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাবলৈ টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷ আন আন সমষ্টি সমূহৰ লগতে ১১৩নং ধেমাজি সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ডা° ৰণোজ পেগুক মনোনীত কৰাৰ পাচতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দলটোৱে মনোনীত কৰিছে চিত্তৰঞ্জন বসুমতাৰীক ৷

বিজেপি আৰু এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !
বিজেপি আৰু এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !

ধেমাজি,7 মাৰ্চ: বিধানসভা নিৰ্বাচনকলৈ ইতিমধ্যে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷ আন আন সমষ্টি সমূহৰ লগতে ১১৩নং ধেমাজি সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ডা৹ ৰণোজ পেগুক মনোনীত কৰাৰ পাচতে একেটা সমষ্টিতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দলটোৱে মনোনীত কৰিছে চিত্তৰঞ্জন বসুমতাৰীক ৷ শনিবাৰে ধেমাজি সমষ্টিৰ দুৱাৰমুখ গোগামুখৰ পৰা শ শ বিজেপিৰ কৰ্মীয়ে ডা৹ ৰণোজ পেগুক আদৰি অনাৰ পাচতে বিজেপি দলৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাবলৈ টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷

নিৰ্বাচন আৰু প্ৰতিদ্বন্দ্বী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, বিজেপিৰ লগতে ধেমাজিত অসম জাতীয় পৰিষদৰ মূল যুদ্ধ হ'ব ৷ কাৰণ বিজেপিয়ে পৰিৱৰ্তনৰ ঢৌত বিগত উপ নিৰ্বাচনত জয়ী হৈছিল ৷ কিন্তু কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ভূমিকা পালন কৰিছে চৰকাৰখনে ৷ সেয়েহে অসম জাতীয় পৰিষদক বিপুল ভোটত জয়যুক্ত কৰাবৰ বাবে স্বতঃস্ফূৰ্তভাৱে ধেমাজিৰ ৰাইজ ওলাই আহিছে ৷

বিজেপি আৰু এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !

লগতে বসুমতাৰীয়ে কয় যে, "ধেমাজিৰ সমস্যাৰ বিষয়ে সদনত কোনোৱে আজিলৈকে মাত মতা পৰিলক্ষিত হোৱা নাই ৷ সেয়ে সদনত বলিষ্ঠভাৱে মাত মাতিবৰ বাবে চেষ্টা কৰিম ৷ ধেমাজিৰ যুৱক-যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে কৃষকসকলক মাটিৰ ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিম ৷ একেদৰে বৃহৎ নদী বান্ধৰ পৰা নামনিবাসীৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগত সংঘটিত হোৱাৰ দুৰ্নীতিৰ তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত জন প্ৰতিনিধিক শাস্তি বিহি ধেমাজিক দুৰ্নীতিমুক্ত কৰিম"৷

লগতে পঢ়ক:অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

ABOUT THE AUTHOR

...view details