ধেমাজি , 16 ডিচেম্বৰ :ভোগালী বিহুৰ আনন্দৰ মাজতে ধেমাজিৰ শিশুসকলৰ একমাত্ৰ উদ্যানত দুষ্কৃতিকাৰীয়ে চলালে তাণ্ডৱ ৷ নিজ কৰ্তব্য সামৰি কৰ্মচাৰীসকলে ঘৰলৈ যোৱাৰ পিছতেই বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে উদ্যানত প্ৰৱেশ কৰে ৷ উদ্যানখনৰ এফালে থকা কেণ্টিনৰ 6 খন টেবুলসহ চকী ভাঙি লণ্ড-ভণ্ড কৰে ৷ লগতে উদ্যানৰ কেইবাজোপাও গছ কাটে ৷ শৌচালয়ৰ তিনিখন দৰ্জা ভাঙি সম্পূৰ্ণ বিধ্বস্ত কৰাৰ লগতে পাইপ ভাঙি ক্ষতিসাধন কৰে ৷
ধেমাজি উদ্যানত দুষ্কৃতিকাৰীয়ে ভাঙিলে আচবাব
ধেমাজি উদ্যানত দুষ্কৃতিকাৰীয়ে ভাঙিলে আচবাব ৷ বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে উদ্যানত প্ৰৱেশ কৰি কেণ্টিনৰ ৬ খন টেবুলসহ চকী ভঙাৰ লগতে উদ্যানৰ কেইবাজোপা গছ কাটি খাস্তাং কৰে ৷
বৃহস্পতিবাৰে পুৱা উদ্যানখনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, নিশা এনে দুষ্কাৰ্য সংঘটিত কৰাৰ পিছতো দিনৰ ভাগত কেইজনমান উদণ্ড মাতাল যুৱকে বলপূৰ্ব্বকভাৱে উদ্যানত প্ৰৱেশ কৰি পৰিচালনাৰ দায়িত্বত থকা কৰ্মচাৰীৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু পলায়ন কৰে বুলি মন্তব্য কৰে কৰ্মচাৰীজনে ৷ এই ঘটনাত শংকিত হৈ দুষ্কৃতিকাৰীক উপযুক্ত শাস্তিৰ দাবীত বৃহস্পতিবাৰে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে উদ্যানখনৰ দায়িত্বত থকা পৰিচালক মুকুট গগৈয়ে ৷ শিশুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বিষয়ে ধেমাজি জিলা উপায়ুক্তকো অৱগত কৰিছে মুকুট গগৈয়ে ৷
আৰু পঢ়ক :ধেমাজিত বিজেপিৰ ঐক্য শান্তি সমদল