গুৱাহাটী, ২৪ মাৰ্চ: বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চৰকাৰে চলোৱা অভিযানৰ সময়তে আন এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে । ধেমাজি জিলাৰ চিমেন চাপৰিত এক ভয়ংকৰ ধৰ্ষণকাণ্ড সংঘটিত হৈছে (Rape case in Dhemaji)। পিতৃ মাতৃহীনা এগৰাকী কিশোৰীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত দুৰ্ভোগীয়া কিশোৰী গৰাকীৰ ভাতৃয়ে সদৰী কৰা অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ভগ্নীক চিলাপথাৰৰ ব্যৱসায়ী মাধৱ কৃষ্ণ গোস্বামী নামৰ লোকজনে ধৰ্ষণ কৰিছিল (Hotel owner rapes minor girl)। চিলাপথাৰত শ্ৰী শ্ৰী সেৱাশ্ৰম নামেৰে এখন অনাথ আশ্ৰম পৰিচালনা কৰা গোস্বামীয়ে প্ৰথম অৱস্থাত কিশোৰীগৰাকীক নিজৰ আশ্ৰমত ৰাখিছিল ।
শিশু অৱস্থাতে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অৰুণাচল প্ৰদেশৰ এটা জনজাতীয় পৰিয়ালত বনকৰা ছোৱালী হিচাপে আছিল কিশোৰীগৰাকী (Minor Girl rape at Chimen Chapari)। কিন্তু তাত যথেষ্ট কষ্টৰ সন্মুখীন হৈ পলাই আহে কিশোৰীগৰাকী ৷ তাৰ পিচতে কিশোৰীজনীক সদাশয় লোকে ধেমাজিৰ চিলাপথাৰৰ শ্ৰীশ্ৰী সেৱাশ্ৰম নামৰ শিশু গৃহলৈ প্ৰেৰণ কৰিছিল। উক্ত আশ্ৰমখনৰ তত্বাৱধায়ক আছিল মাধৱ কৃষ্ণ গোস্বামী।
২০১৮ চনত শিশু গৃহটি চৰকাৰে বন্ধ কৰি দিয়াত নগাঁৱৰ শিশু গৃহলৈ অন্য কিশোৰীৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীকো স্থানান্তৰ কৰা হৈছিল (Press meet against Rape accused)। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক আদালতে ককায়েকক চমজায় দিয়ে । কিন্তু ইয়াৰ পিচতে মাধৱ কৃষ্ণ গোস্বামীয়ে পুনৰ কিশোৰীগৰাকীক ককায়েকৰ পৰা খুজি লৈ তেওঁৰ হোটেলতে কৰ্মচাৰী হিচাপে নিয়োগ কৰে ।
হোটেলখনত নিয়োগ লাভ কৰাৰ পিছতে কিশোৰীগৰাকীৰ ওপৰত দিনে নিশাই যৌন নিৰ্যাতন চলোৱা আৰম্ভ কৰে স্বত্বাধীকাৰী গোস্বামীয়ে । গোস্বামীয়ে দিনৰ ভাগত কামত খটুৱাই নিশা হ’লে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷ হোটেল খনতে চি চি কেমেৰা বন্ধ কৰি কিশোৰীগৰাকীক ধর্ষণ কৰিছিল গোস্বামীয়ে ৷