ধেমাজি, 25 জানুৱাৰী :ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি বিগত তিনিমাহে উত্তেজনা অব্যাহত আছে ৷ স্থানীয় লাইপুলীয়াবাসীৰ অভিযোগ মতে, সীমান্ত অঞ্চলত নিৰ্মীয়মাণ হৈ থকা এটা পথটো লাইপুলীয়াবাসী ৰাইজৰ অসুবিধা হোৱাকৈ তেওঁলোকৰ ঘৰ-বাৰীৰ সমীপতে নিৰ্মাণ সংস্থাই কৌশলেৰে পথ নিৰ্মাণ কৰিছে ৷
যাৰফলত সীমান্তৱৰ্তী জনসাধাৰণে বিভিন্ন কামকাজত তেওঁলোকে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে ৷ সেয়ে পথটো গাঁওখনৰ নিচেই সমীপত নিৰ্মাণ নকৰি পাহাৰৰ সমীপত নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও নিৰ্মাণ সংস্থাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ যাৰবাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় মহিলা সহ লাইপুলীয়াবাসী ৷
স্থানীয় ৰাইজে জিলা সংশ্লিষ্ট আৰক্ষী বিভাগক বিষয়টো অৱগত কৰা হৈছে যদিও সমস্যা সমাধান হোৱা নাই ৷ গতিকে, নিৰ্মাণস্থলীত উপস্থিত হৈ স্থানীয় মহিলাসকলে পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনক ঘেৰাও কৰি বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷