অসম

assam

ETV Bharat / state

ভোট বৰ্জন কৰিব গৃহৰক্ষী জোৱানৰ পৰিয়ালে - সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ অসহযোগ আন্দোলন

চাকৰি নিয়মীয়াকৰণৰ দাবীত ধেমাজিত দ্বিতীয় দিনাও অব্যাহত থাকিল সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ অসহযোগ আন্দোলন ৷ দাবী মানি ন'ললে পৰিয়ালসহ আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে প্ৰতিবাদী গৃহৰক্ষী জোৱানে ৷

homeguard protest in dhemaji demanding regularisation of job
homeguard protest in dhemaji demanding regularisation of job

By

Published : Mar 3, 2021, 12:51 PM IST

ধেমাজি,3 মাৰ্চ:চাকৰি নিয়মীয়াকৰণৰ লগতে অন্যান্য বহুকেইটা দাবীৰে 1 মাৰ্চৰ পৰা প্ৰতিবাদত বহা সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ গৃহৰক্ষী জোৱান সকলে তেওঁলোকৰ দাবী মানি ন'ললে সমাগত অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷ গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট পদ্ধতি বন্ধ কৰাৰ লগতে সমান কামৰ বাবে সমান দৰমহাৰ দাবী জনাই এই দাবী মানি ন'ললে পৰিয়ালসহ ভোট বৰ্জন কৰিব বুলি জোৱান সকলে চৰকাৰক সকীয়নি দিছে ৷

গৃহৰক্ষী জোৱান সকলৰ অভিযোগ অনুসৰি তেওঁলোকে অসম আৰক্ষীৰ নিয়মীয়া বেতন ভোগীসকলৰ সমানে কৰ্তব্য সম্পাদন কৰি অহাৰ পাছতো তেওঁলোক নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আহিছে ৷ জোৱানসকলে জানিবলৈ দিয়া মতে ধেমাজি জিলাত মুঠ 865 গৰাকী কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত জোৱান আছে ৷ চাকৰিৰ কোনো নিশ্চয়তা নথকাৰ ফলতে জোৱানৰ লগতে পৰিয়ালসমূহেও অনিশ্চয়তাৰ জীৱন কটাই আহিবলগীয়া হৈছে ৷

পৰিয়ালসহ আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ

উল্লেখ্য যে, চাকৰি নিয়মীয়াকৰণৰ দাবীৰে গৃহৰক্ষী জোৱানসকলে 1 মাৰ্চৰ পৰা প্ৰতিবাদ হিচাপে কৰ্ম বিৰতি পালন কৰিছিল ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট পদ্ধতি বন্ধ কৰা তথা সমান দৰমহাৰ দাবী জনাই গৃহৰক্ষী জোৱান সকলে ৰাজ্যজুৰি সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে ধেমাজি সদৰৰ কাছাৰী ময়দানৰ সন্মুখত গৃহৰক্ষী জোৱানৰ শতাধিক পুৰুষ মহিলাই বিভিন্ন শ্ল'গান দি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা

ABOUT THE AUTHOR

...view details