জোনাই, ২২ নৱেম্বৰঃধেমাজি জিলাৰ মাজৰবাৰীত মঙলবাৰে এটা দুষ্প্ৰাপ্য সুগৰি পহু উদ্ধাৰ কৰা হয় (Hog deer rescued at Majarbari)৷ মাজৰবাৰী দেবেন্দ্ৰনগৰ গাঁৱৰ ধাননি পথাৰত পুৱা প্ৰায় 8 বজাত ৰাইজে এটা সুগৰি পহু বিচৰণ কৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে ৷ দুৰ্লভ পহুটো দেখি ৰাইজে ধৰিবলৈ খেদি যাওঁতেই পহুটোৱে ভয় খাই ২ নং দেবেন্দ্ৰনগৰ গাঁৱৰ কনক মিলিৰ পুখুৰীটোত জপিয়াই দিয়ে(Hog deer rescued in Dhemaji) ৷
অৱশ্য়ে গাঁৱৰ লোকে পুখুৰীৰ পৰা সুগৰি পহুটো উদ্ধাৰ কৰি দীনেশ ৰাজবংশী নাম এগৰাকী লোকৰ ঘৰত নিৰাপদে ৰাখি পহুটোক প্ৰাথমিক চিকিৎসা কৰিবলৈ চেষ্টা কৰে (Forest department rescued hog deer at Jonai) ৷ পহুটোৰ অৱস্থা বিষম দেখি গাওঁবাসীয়ে বন বিভাগক খবৰ দিয়ে ৷
গঞাৰ খবৰ পোৱা মাত্ৰকেই তেলাম খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মচাৰী হেমচন্দ্ৰ পাঞাং, কৃষ্ণ গগৈ, ডিমৌ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মচাৰী, ডিমৌ আৰক্ষী চকীৰ আৰক্ষী বিষয়া গাঁওখনত উপস্থিত হয় ৷