অসম

assam

ETV Bharat / state

আগন্তুক বৰ্ষত দৰ্শনাথীৰ বাবে মুকলি হ'ব ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল

পশ্চিম ধেমাজিত ঐতিহাসিক হাবুঙৰ চাও-চেন-ৰেন আৰু হাবুং- হলুং-হফি: সম্পূৰ্ণ হোৱাৰ পথত । আগন্তুক বৰ্ষত ঐতিহাসিক অঞ্চল দুটা মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে হাবুং পুনৰ নিৰ্মাণ পৰিচালনা সমিতিয়ে ৷

historical place  launch soon at  dhemaji habung
আগন্তুক বৰ্ষত দৰ্শনাথীৰ বাবে মুকলি হ'ব ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল

By

Published : Jul 1, 2020, 6:49 PM IST

ধেমাজি, ১ জুলাই : আহোমৰ পঞ্চমখন ৰাজধানী পশ্চিম ধেমাজিৰ ঐতিহাসিক হাবুঙত পূৰ্ণগতিত চলিছে হাবুং চাউ চেন ৰেন আৰু হাবুং হলুং হফি: নিৰ্মাণৰ কাম । উল্লেখ্য যে,হাবুঙৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে আৱণ্টন দিয়া কেইবা কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ হৈ আছে ।

ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল

পুনৰ নিৰ্মাণ পৰিচালনা সমিতিৰ সদস্য বাবুল বুঢ়াগোহাঁইয়ে অৱগত কৰা মতে অহা বছৰৰ জানুৱাৰী মাহতে ৰাইজ তথা দশনাৰ্থীৰ বাবে মুকলি কৰি দিব পাৰিব এই ঐতিহাসিক অঞ্চল । ইয়াৰ বাবে পূৰ্ণগতিত চলি আছে নিৰ্মাণৰ কাম ।

ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল
প্ৰণিধান যোগ্য যে ,ঐতিহাসিক হাবুঙৰ ২৮৫ বিঘা বিশাল ভূমিত আছে আহোম ৰজাদিনীয়া বহু স্মৃতি আৰু সমল । লক্ ডাউনৰ সময়ছোৱাতো স্থানীয় টাই আহোম ছাত্ৰ সন্থা কৰ্মীসকলৰ দ্বাৰা কোনো অসুবিধা নোহোৱাকৈ সকলো কাম সুচাৰূপে কৰি থকা হৈছে । ইতিমধ্য়ে ইয়াৰ মাজতেই দুই এজন দশনাৰ্থী আগমণ হোৱাৰ কথাও উল্লেখ কৰে হাবুং পুনৰ নিৰ্মাণ পৰিচালনা সমিতিয়ে ।
আগন্তুক বৰ্ষত দৰ্শনাথীৰ বাবে মুকলি হ'ব ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল

লগতে পঢ়কঃএম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ

ABOUT THE AUTHOR

...view details