অসম

assam

ETV Bharat / state

"আকৌ এবাৰ মোডী চৰকাৰ" ধেমাজিত নৃত্যত ব্যস্ত মন্ত্ৰী হিমন্ত - assam elections 2o21

১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ চলোৱাৰ অৰ্থে শনিবাৰে তেলিজান পথাৰৰ বিশাল নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ধেমাজিত ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ড° হিমন্ত বিশ্ব শৰ্মাই
ধেমাজিত ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ড° হিমন্ত বিশ্ব শৰ্মাই

By

Published : Mar 20, 2021, 9:56 PM IST

ধেমাজি,20 মাৰ্চঃধেমাজিৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্বৰ নৃত্য ৷ মঞ্চত উপস্থিত হৈয়ে "আকৌ এবাৰ মোডী চৰকাৰ" শীৰ্ষক গীতৰ তালে তালে নাচিলে জনপ্ৰিয় বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হিমন্ত বিশ্বই মঞ্চত নৃত্য প্ৰদৰ্শন কৰাৰ লগে লগে ধেমাজি তেলিজান পথাৰত সমবেত প্ৰায় দহ সহস্ৰাধিক দলীয় সমৰ্থক তথা অনুগামীয়ে ৰ’ব নোৱাৰি মন্ত্ৰীগৰাকীৰ সমানে সমানে নাচৰ তালত নৃত্য প্ৰদৰ্শন কৰে ৷

ধেমাজিত ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ড° হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্যযোগ্য যে, ১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ চলোৱাৰ অৰ্থে শনিবাৰে তেলিজান পথাৰৰ বিশাল নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এখন হেলিকপ্তাৰেৰে আহি ধেমাজিত উপস্থিত হোৱা মন্ত্ৰী হিমন্তই নিৰ্বাচনী সভাত অংশ লৈয়ে চৰকাৰে ৰূপায়ণ কৰা আঁচনি সমূহৰ বিষয়ে আলোকপাত কৰাৰ উপৰি কংগ্ৰেছ মহাজোঁট তথা এআইইউডিএফ-ৰ মুৰব্বী বদৰুদ্দিন আজমলক সমালোচনাৰে থকা সৰকা কৰি ২৭ মাৰ্চত পদুম ফুলৰ চিহ্নত ভোট দি বিজেপি প্ৰাৰ্থী ডা: ৰণোজ পেগুক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷

ধেমাজিত ডাঃ ৰণোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ড° হিমন্ত বিশ্ব শৰ্মাই
লগতে পঢ়কঃ অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details