অসম

assam

ETV Bharat / state

গোগামুখত গণবিক্ষোভৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্তৰ সভা - নাগৰিকত্ব সংশোধনী আইন

ধেমাজিৰ গোগামুখত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনৰ গণবিক্ষোভৰ সমান্তৰালকৈ আইনখৰ সপক্ষে চলিল হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ ৷ গণবিক্ষোভস্থলীৰ পৰা মাত্ৰ ৫০০ মিটাৰ ব্যৱধানত এফালে ৰজাঘৰীয়াৰ বিদেশীৰ সপক্ষে যুক্তি আনফালে বিদেশীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদে গোগামুখ নগৰৰ উত্তাল কৰি তোলে ৷

গোগামুখ
গোগামুখত গণ বিক্ষোভৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্তৰ সভা

By

Published : Jan 2, 2020, 8:48 PM IST

ধেমাজি, ২ জানুৱাৰীঃ বৃহস্পতিবাৰে ধেমাজিৰ গোগামুখত দেখা গ'ল দুই বিপৰীত দৃশ্য ৷ নাগৰিকত্ব সংশোধনী আইনৰ গণবিক্ষোভৰ সমান্তৰালকৈ আইনখৰ সপক্ষে চলিল হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গোগামুখত আছু, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, আটাছু আৰু ৩০ জনগোষ্ঠীয় সংগঠন আৰু গোগামুখবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় গণবিক্ষোভ কাৰ্যসূচী ৷

গোগামুখত গণ বিক্ষোভৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্তৰ সভা

ইফালে হিমন্তবিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে গোগামুখ মহাবিদ্যালয় খেলপথাৰত অৱতৰণ কৰি গোগামুখ চিলিমপুৰস্থিত মিচিং কৃষ্টি ভৱনত বিজেপি কাৰ্যকৰ্তাৰ সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাত মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ নপঢ়াকৈয়ে আন্দোলনকাৰীয়ে আন্দোলনত নামিছে বুলি সমালোচনা কৰে ৷ লগতে, জাতি-জনগোষ্ঠী সমূহকলৈ অসমৰ উন্নয়ণ, প্ৰগতি আৰু শান্তিত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰখনক লৈ একাংশ লোকে অপপ্ৰচাৰ চলাই অশান্তি সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোগামুখৰ মিচিং কৃষ্টিভৱনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে দলীয় কৰ্মকৰ্তাৰ মাজত সজাগতা সৃষ্টি কৰি হেলিকপ্টাৰযোগে দিছপুৰলৈ ৰাওনা হয় ৷

গোগামুখত গণ বিক্ষোভৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্তৰ সভা

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ গোগামুখ ভ্ৰমনক লৈ আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ গণবিক্ষোভস্থলীৰ পৰা মাত্ৰ ৫০০ মিটাৰ ব্যৱধানত এফালে ৰজাঘৰীয়াৰ বিদেশীৰ সপক্ষে যুক্তি আনফালে বিদেশীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদে গোগামুখ নগৰৰ উত্তাল কৰি তোলে ৷

আৰু পঢ়কঃ নৱ দিগন্তৰ অন্য এক নাম ডিফু

ABOUT THE AUTHOR

...view details