অসম

assam

ETV Bharat / state

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - লুইত এৰ' প্ৰডাক্ট

চিলাপথাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমা’ই পৰিদৰ্শন কৰে অক্সিজেন প্ৰকল্প ৷ চিলাপথাৰত নতুনকৈ স্থাপন কৰা "লুইত এৰ' প্ৰডাক্ট" অক্সিজেন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উৎপাদন প্ৰকল্প আৰু ৰাজ্য চৰকাৰৰ মাজত MOU সম্পন্ন ৷

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : May 1, 2021, 7:04 AM IST

ধেমাজি, 1 মে’:শুকুৰবাৰে চিলাপথাৰৰ ঔদ্যোগিক প্ৰকল্পত স্থাপন কৰা দৈনিক ৩.৯ মেট্ৰিক টন উৎপাদনক্ষম লুইত এৰ’ প্ৰডাক্ট নামৰ অক্সিজেন উৎপাদন প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে প্ৰকল্পৰ কৰ্তৃপক্ষৰ লগত ৰাজ্য চৰকাৰৰ এখন MOU ও স্বাক্ষৰ কৰে ।

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত দৈনিক ০.৯ মেট্ৰিকটন উৎপাদনক্ষম মুঠ ১১ টা প্ৰকল্প স্থাপন কৰা হৈছে । আনহাতে, ব্যক্তিগত খণ্ডৰ পাঁচটা প্ৰকল্পই অক্সিজেন উৎপাদন কৰি আছে । বিভিন্ন জিলাত ছয়টা প্ৰকল্পৰ নিৰ্মান চলি আছে । শিলচৰ মেডিকেল কলেজতো দুটা প্ৰকল্পৰ কাম চলি থকা হৈছে ।

আনকি,ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ যথেষ্ট অক্সিজেন মজুত আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, ৰাজ্যত দৈনিক ২২ মেট্ৰিকটন অক্সিজেনৰ প্ৰয়োজন । ইয়াৰ বিপৰীতে বৰ্তমান ৰাজ্যখনত দৈনিক ৬৮ মেট্ৰিকটন উৎপাদন হৈ আছে ।

লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চিলাপথাৰত স্থাপন কৰা প্ৰকল্পটোৰ সন্দৰ্ভত তেওঁ কয় যে, এইটো প্ৰকল্পই চুবুৰীয়া জিলা কেইঠাইতো অক্সিজেন যোগানৰ ক্ষেত্ৰত পৰিবহন ব্যয় যথেষ্ট হ্ৰাস কৰিব । প্ৰকল্পটোৱে বৰ্তমান সন্মুখীন হৈ থকা বিজুলী আৰু পানীৰ সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ABOUT THE AUTHOR

...view details