ধেমাজি, 28 ফেব্ৰুৱাৰীঃ বিভিন্ন সময়ত বেংকৰ পৰা গ্ৰাহকৰ ধন কৌশলেৰে হৰলুকি কৰা ঘটনা সংঘটিত হৈ অহাৰ সময়তে ধেমাজিতো এইবাৰ দুবৃত্তই কৌশলেৰে ধেমাজিত ATM কাৰ্ড সলনি কৰি উলিয়াই নিলে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰীৰ ধন ।
খবৰ অনুসৰি, হোমেন্দ্ৰ হাজৰিকা নামৰ লোকজনে ভনীয়েক মামনী চুতীয়াৰ ইউ বি আই এটি এম কাৰ্ড লৈ ধেমাজি তিনিআলিস্থ এচ বি আই ATM ৰ টকা উলিয়াবলৈ গ্ৰাহকৰ শাৰীত থিয় হয় । পিছে এই লোকজনে চকুৰে পিন নম্বৰ মনিব নোৱাৰা বাবে আগত থিয় হৈ থকা ব্যক্তিজনক ATM কাৰ্ডখনৰ সৈতে পিন নম্বৰ দি ধন উলিয়াবলৈ দিয়ে । তেনে সময়তে লোকজনে ATM মেচিনত কাৰ্ডখন এবাৰ ভৰাই কাৰ্ডখন ইনভেলিড 'invalid' প্ৰদৰ্শন কৰিছে বুলি হোমেন্দ্ৰ হাজৰিকা চমজাই দিয়ে বুলি মন্তব্য কৰে ।
লোকজনৰ এনে কাৰ্যত ভুক্তভোগীৰ কিছু সন্দেহ ওপজাত কাৰ্ডখন সলনি হল বুলি কোৱাৰ পাচতে ওলোটাই ধমক দিয়ে আৰু তাৰ পৰা অন্তৰ্ধান হয় । কিন্তু কিছু সময়ৰ পিছত ভনীয়েকে ফোন কৰাতহে হতভম্ব হৈ পৰে ভুক্তভোগী গৰাকী । কাৰণ ইতিমধ্যে কাৰ্ডৰ সৈতে সংযোগ থকা ভনীয়েকৰ ফোন নম্বৰলৈ 9:42 বজাত তিনি বাৰত মুঠ 25000 ধন উলিওৱা মেছেজ লাভ কৰে ।
ধেমাজিত ATM কাৰ্ড সলনি কৰি উলিয়াই নিলে 25000 টকা উল্লেখ্য যে, হোমেন্দ্ৰ হাজৰিকাৰ ভনীয়েক এগৰাকী প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী । ঘৰ নিৰ্মাণৰ বাবে সোমোৱা দ্বিতীয় কিস্তিৰ এই ধন উলিয়াই আনিবৰ বাবে ককায়েকৰ হাতত দিছিল ATM কাৰ্ডখন । ইপিনে ঘটনাত কিংকৰ্তব্যবিমূড় হৈ পৰা ককায়েকে লগে লগে তেওঁৰ হাতত দুৰ্বৃত্ত ই দি য়োৱা ......903 নম্বৰৰ কাৰ্ডখন লৈ UBI বেংকৰ ধেমাজি শাখাৰ সংশ্লিষ্ট কতৃপক্ষৰ কাষ চাপে । বেংকে পৰীক্ষা কৰাত ATM খনৰ গৰাকী হৰেন বৰদলৈ বুলি জানিব পৰা গৈছে । কাৰ্ড খন বেংকে হস্তগত কৰাত পিছত ধেমাজি সদৰ আৰক্ষী থানাত কাৰ্ডখনৰ গৰাকী হৰেন বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । ইপিনে এজাহাৰ দাখিল কৰা হোমেন্দ্ৰ হাজৰিকাই জনোৱা মতে এই কাৰ্ডৰ গৰাকীয়েও ওলোটাই তেওঁলোকৰ বিৰুদ্ধেহে আন এটা গোচৰ তৰিছে । অৱশ্যে মূল অভিযুক্তৰ হাতলৈ কেনেকৈ হৰেন বৰদলৈ কাৰ্ড যাবলৈ পালে সেয়া এতিয়াও অস্পষ্ট হৈ আছে ।
ধেমাজিত ATM কাৰ্ড সলনি কৰি উলিয়াই নিলে 25000 টকা আনহাতে, ধেমাজি সদৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱা অভিযোগ উত্থাপন হৈছে । 24 ফেব্ৰুৱাৰীত ঘটনা সংঘটিত হোৱাৰ পাছত বৃহস্পতিবাৰে অথাৎ 26 ফ্ৰেবুৱাৰীত এজাহাৰ দাখিল কৰিছে যদিও আজিকোপতি আৰক্ষীয়ে প্ৰকৃত অভিযুক্ত গৰাকীৰ সন্ধান উলিয়াব পৰা নাই ।
আৰু পঢ়কঃ পাথাৰকান্দিত চুৰি বাইকসহ আটক দুই গভাইত চোৰ