অসম

assam

ETV Bharat / state

Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

ৰাজ্যত মুষলধাৰ বৰষুণে অশনি সংকেত কঢ়িয়াই আনিছে NHPC লৈ ৷ বিগত দুই দিনত বৰষুণৰ ফলত প্ৰকল্পৰ নিৰ্মাণৰ কামৰ স্থলীলৈ অহা-যোৱা ৰাস্তা পানীয়ে বিছিন্ন কৰাৰ লগতে পাৱাৰ হাউচত সোমাই পানী ক্ষতি কৰে ৷ ইয়াৰ পিচতে পুনৰ সোৱণশিৰিৰ জলপৃষ্ঠৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে মূল বান্ধৰ উচ্চতালৈকে তীব্ৰবেগী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

Etv BharatDanger in Dhemaji NHPC
Etv Bharatনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

By

Published : Jun 17, 2023, 6:02 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

ধেমাজি, 17 জুন : অসমৰ জনসাধাৰণ আৰু বিভিন্ন দল সংগঠনৰ প্ৰবল প্ৰতিবাদ আৰু বাধাক নেওচি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰা বিতৰ্কিত 2000 মেগাৱট শক্তি ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সময়তে বৰষুণৰ পানীয়ে কঢ়িয়াইছে বান্ধটোলৈ তীব্ৰ ভাবুকি ৷ বৰষুণৰ বাবেই বাৰে বাৰে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে NHPC ৷

উল্লেখ্য যে, বিগত বছৰতো বাৰিষা সময়ত বৰষুণৰ ফলত প্ৰকল্পৰ মূল বান্ধৰ আশে পাশে থকা বিভিন্ন পাহাৰত ভূমিস্খলনকে ধৰি গাৰ্ডৱাল খহি আহিছে ৷ ঠায়ে ঠায়ে বৃহৎ দ গাঁতৰ সৃষ্টি হৈ আহিছে ৷ এইবেলিও বাৰিষা আৰম্ভ হওঁতেই দুটা দিনত বৰষুণৰ পানীয়ে হাহাকাৰ লগাইছে NHPC ত ৷ প্ৰথম অৱস্থাত প্ৰকল্পৰ নিৰ্মাণৰ কামৰ স্থলীলৈ অহা-যোৱা ৰাস্তা পানীয়ে বিছিন্ন কৰাৰ লগতে পাৱাৰ হাউচত সোমাই পানী ক্ষতি কৰে ৷ ইয়াৰ পিচতে পুনৰ সোৱণশিৰিৰ জলপৃষ্ঠৰ স্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে মূল বান্ধৰ উচ্চতালৈকে তীব্ৰবেগী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

এতিয়া নেৰানেপেৰা বৰষুণৰ পানীৰ ফলস্বৰূপে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা সোৱণশিৰি ভয়ংকৰ জলপৃষ্ঠক লৈ নামনিবাসী ত্ৰাসিত হৈ পৰিছে ৷ শংকিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷ কিয়নো অৰুণাচলৰ ঠুনুকা পাহাৰত নিৰ্মাণ কৰা এই বৃহৎ বান্ধ বিৰোধিতা কৰি প্ৰবল প্ৰতিবাদ কৰি বাধা প্ৰদান কৰিছিল ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু জনসাধাৰণে ৷ কিন্তু ইয়াৰ পিছতো নিৰুদ্বিগ্ন ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ ৷ আকোৰগোঁজ হৈ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখি কেৱল শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লয় চৰকাৰখনে ৷ সম্প্ৰতি বান্ধটোৰ এই ভয়াবহতাক লৈ উদ্বিগ্ন বিভিন্ন দল-সংগঠনে ভৱিষ্যতে বান্ধটোৰ পৰা হ’ব পৰা সাম্ভাব্য বিপদলৈ চাই চৰকাৰকখনক তীব্ৰ সমালোচনা কৰিছে ৷

শনিবাৰে ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই কয় যে, চৰকাৰক বিগত সময়ত এই বিষয়ে বাৰাম্বাৰ কৈ অহাৰ পিচতো গুৰুত্ব নিদিলে ৷ অসমৰ বিশেষজ্ঞ কমিটিয়ে দাখিল কৰা প্ৰতিবেদনকো নস্যাৎ কৰিলে ৷ যাৰ ফলত এই বান্ধ কেনেবাকৈ ভাঙিলে নামনিৰ গোগামুখ ,ধেমাজি, লখিমপুৰ , ঘিলামৰা , ঢকুৱাখনা আৰু মাজুলীবাসীয়ে সন্মুখীন হ’ব লাগিব ভয়ংকৰ পৰিস্থিতিৰ ৷ সেয়ে জনসাধাৰণৰ জীৱন সম্পত্তিৰ বিষয়ে চিন্তা নকৰা চৰকাৰে ভৱিষ্যতে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে সাজু হৈ থাকিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে সতৰ্ক কৰি দিয়ে ৷

লগতে পঢ়ক:Flood in Assam : নীপকোৰ পানীয়ে বুৰালে লখিমপুৰ জিলা

ABOUT THE AUTHOR

...view details