অসম

assam

ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু কোভিড যোদ্ধাৰ - covid warrior

স্বাৱ পৰীক্ষাৰ ৰিজাল্ট লৈ উভতি অহাৰ পথত মৃত্যু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ৷ দুজনৰ অৱস্থা সংকট জনক ৷ দুৰ্ভগীয়া পত্নীক কৰ্মসংস্থাপনৰ দাবী আকছু'ৰ ৷

road accident
road accident

By

Published : Jul 11, 2020, 5:16 AM IST

জোনাই, ১০ জুলাই : এটি শোকাবহ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে চিলাপথাৰ অঞ্চলত ৷ চিলাপথাৰ জলকীয়া সূঁতিৰ দিগন্ত সোণোৱাল কিছুমাহৰ পৰা জোনাই স্বাস্থ্য বিভাগৰ অস্থায়ী গাড়ী চালক হিচাপে কৰ্মৰত হৈ আছিল ৷ বৃহস্পতি বাৰে বিভাগৰ ক'ভিড-১৯ৰ স্বাৱ পৰীক্ষাৰ ফলাফল লৈ দুই সহকৰ্মীৰ সৈতে লাহোৱালৰ পৰা আহি থকা অৱস্থাত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় ৷ তেওঁলোকৰ এ এচ ০১ইউ ৪৭৪৭ নম্বৰৰ এখন ইন'ভা গাড়ীখনত নিশা প্ৰায় ৯ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডেকাপাম আমলখিত বিপৰীতমুখী এন এল ০১ এ বি ৩৫৩৩ নম্বৰৰ একন ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ঘটনাটোত চালক দিগন্ত সোণোৱালৰ থিতাতে মৃত্যু হয় ৷ সহকাৰী চালক ভৃগুৰাম পাংগিঙ আৰু স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অনিতা দলেৰ স্বামী বাবু দলে এই দুৰ্ঘটনাত আহত হৈ বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৷

ইপিনে শুকুৰবাৰে বিয়লি দিগন্তৰ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে শোকাচ্ছন্ন হৈ পৰে অঞ্চলটো ৷ নিজা ঘৰৰ চৌহদতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় যুৱকজনৰ ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সামান্য মাননীৰে অতি নিষ্ঠা সহকাৰে কৰ্তব্য কৰি দিগন্তই অকাল মৃত্যুক সাৱটি লোৱাত অজ্ঞান হৈ পৰিছে পত্নী ৷ পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত ৷

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

অকাল বৈধব্যক সাবতি লোৱা দিগন্তৰ দুৰ্ভগীয়া পত্নীয়ে দুটা এমা ডিমা সন্তান লৈ ক'লৈ যাব কি খাব ৷ মৰ্মন্তুদ ঘটনাটোকলৈ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ চন্দন সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে ৷ শোক সন্তপ্ত পৰিয়ালৈ সমবেদনা জনায় মৃতকৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰি দিগন্তৰ পৰিয়ালটোৰ বাবে এককালীন সাহায্যৰ লগতে বিধৱা পত্নীক কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সংগঠনটোৱে ৷ জোনাই মহকুমাৰ স্বাস্থ্য কৰ্মীসকলেও চিকিৎসা বিষয়া ডাঃ কিশোৰ কামানৰ নেতৃত্বত এক শোক সভা অনুষ্ঠিত কৰি নিহতৰ আত্মাৰ সদগতি কমনা কৰাৰ লগতে আহত কেইজনৰ আৰোগ্য কামনা কৰে ৷

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীৰে মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details