জোনাই,৪ মাৰ্চ: "অতিমাত্ৰাত নিমখ আৰু চেনী সেৱনৰ পৰা বিৰত থাকক । দুয়োবিধৰ অতিমাত্ৰা সেৱনে উচ্চ ৰক্তচাপ লগতে মধুমেহৰ দৰে মাৰাত্মক ব্যাধিৰ সূচনাৰ প্ৰধান কাৰক হৈ পৰিছে । এই মন্তব্য ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক(Superintendent of Dhemaji Civil Hospital) ডাঃ দেব কুমাৰ সোণোৱালৰ । শুকুৰবাৰে বিষ্ণুপুৰ পাঁচ আলিস্থিত ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত(District Institute of Education and Training) অনুষ্ঠিত 'হেল্থ,হাইজিন আৰু নিউট্ৰিচন' শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰত তেওঁ এই মন্তব্য আগৰবঢ়াই অধীক্ষকগৰাকীয়ে(Health-related discussions at Dhemaji DIET) ।
প্ৰতিষ্ঠানটোৰ উদ্যোগত দুই শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালাৰ আঁত ধৰে প্ৰতিষ্ঠানৰ প্ৰৱক্তা ডঃ ডেনী বৰাই । প্ৰশিক্ষাৰ্থীসকলক সুস্বাস্থ্য ৰক্ষাৰ বিভিন্ন ঊপায়, হাত পৰিষ্কাৰ কৰাৰ বিভিন্ন কৌশল, বিভিন্ন বিষয়ক চিত্ৰাংকণ কৰিবলৈ দিয়াৰ লগতে প্ৰদৰ্শন কৰে । অনুষ্ঠানত সমল ব্যক্তি হিচাপে ঊপস্থিত থাকে ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ দেৱ কুমাৰ সোণোৱাল ।
ডাঃ সোণোৱালে বিষয় বস্তুৰ ওপৰত সংগতি ৰাখি সাম্প্ৰতিক মাৰাত্মক ৰূপ ধাৰণ কৰা উচ্চ ৰক্তচাপ, মধুমেহ, থাইৰয়ডৰ বিসংগতিৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধ-প্ৰতিকাৰৰ উপায়বোৰৰ বিষয়ে খৰচি মাৰি আলোচনা আগবঢ়ায় । ৰাইজক প্ৰচুৰ পানী গ্ৰহন পৰামৰ্শ দিয়ে । মুখ্য অতিথি ৰূপে অনুষ্ঠানত উপস্থিত ধেমাজি অসামৰিক চিকিৎসালয়ৰ(Dhemaji Civil Hospital) চিকিৎসক ডাঃ লুকুমণি দত্তই আগবঢ়াই ভাষণ ।