অসম

assam

ETV Bharat / state

প্ৰচণ্ড ধুমুহাত বিধ্বস্ত ধেমাজিৰ বহু অঞ্চল - Hail Storm

শনিবাৰে নিশাৰ ভাগত অহা এজাক বিধ্বংসী ধুমুহা, শিলাবৃষ্টিয়ে তাণ্ডৱ সৃষ্টি কৰে ধেমাজিৰ চমৰাজান আৰু পশ্চিম ধেমাজি ৷

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ধেমাজি

By

Published : Apr 21, 2019, 2:10 PM IST

ধেমাজি, 21 এপ্ৰিলঃ ৰাজ্যত বিহুৰ আনন্দ-উচাহৰ সময়তে শনিবাৰে নিশা এজাক ধুমুহা বৰষুণে তাণ্ডৱ চলালে ধেমাজি জিলাত ৷ জিলাখনৰ চমৰাজান আৰু পশ্চিম ধেমাজিত শনিবাৰে নিশাৰ ভাগত বিস্তৰ ক্ষতিসাধন কৰে বিধ্বংসী ধুমুহা জাকে ৷

পুৱতি নিশাৰ ধুমুহাত বিধ্বস্ত ধেমাজি

পুৱতি নিশা অহা ধুমুহাই সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰে ৷ বিশেষকৈ চমৰাজান আৰু পশ্চিম ধেমাজিত বহুসংখ্যক গছ-গছনি ভাঙি পেলোৱাৰ লগতে, বহুকেইটা পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হয় ৷ ধুমুহাৰ ফলত চমৰাজান 2নং টেঙাপুৰৰ পৰমা চুতীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহটো সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে তেওঁৰ মাতৃ পুতলী চুতীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰ উপৰিও ধুমুহাৰ ফলত ৰতুৱা অঞ্চলটো প্ৰায় 30টাৰো অধিক পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত হয় ৷

ABOUT THE AUTHOR

...view details