জোনাই, 12 জানুৱাৰী:ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ বিৰোধীতাৰে চমকং হাইস্কুলত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ 32 গৰাকী ছাত্র-ছাত্ৰীয়ে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, চমকং অঞ্চলৰ মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চমকং হাইস্কুলখনে অসমীয়া আৰু বড়ো দুয়োটা মাধ্যমত শিক্ষাদান দি আহিছে । চলিত শিক্ষাবৰ্ষত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 419 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা চমকং হাইস্কুলৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীত 31 গৰাকী শিক্ষাৰ্থী অধ্যয়নৰত ।
বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্র সন্থাই অসম চৰকাৰ আৰু চৰকাৰৰ শিক্ষা বিভাগক বড়ো মাধ্যমৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো শেহতীয়াকৈ চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ গুণগত মান নিৰূপণৰ লক্ষ্যৰে গুণোৎসৱৰ আয়োজন কৰিছে, য'ত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ বিষয়ৰ প্ৰশ্নকাকত ইংৰাজীত প্ৰকাশ কৰি বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক যোগান ধৰিছে । এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি এবছুৰ ধেমাজি জিলা সমিতি, বড়ো সাহিত্য সভাৰ ধেমাজি আৰু জোনাই জিলা সমিতিৰ নেতৃত্বত জিলাখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ গুণোৎসৱ বৰ্জন কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।