জোনাই, 10 জানুৱাৰী: শিক্ষাৰ গুণগত মান নিৰ্ণয়ৰ বাবে 3 জানুৱাৰীৰ পৰা কেবাটাও পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত বড়ো মাধ্যমৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ বিষয়ৰ প্ৰশ্ন কাকত ইংৰাজী ভাষাত প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীক যোগান ধৰা কাৰ্যৰ বিৰোধিতা জনায় আহিছে বিভিন্ন বড়ো সংগঠনে ৷
বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতি, জোনাই জিলা সমিতি আৰু এবছুৰ ধেমাজি জিলা সমিতিয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰৰ শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰি বুধবাৰৰে পৰা ধেমাজি জিলাত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ প্ৰশ্ন কাকত ইংৰাজী ভাষাত প্ৰকাশ কৰি যোগান ধৰাৰ প্ৰতিবাদত গুণোৎসৱ বৰ্জন কৰা হয় ধেমাজি জিলাৰ চাৰিখন বড়ো মাধ্যমৰ বিদ্যালয়ত ।
ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত জয়ভদ্ৰ হাগজেৰ বড়ো এম ই স্কুল, দৈমালু বড়ো এম ই স্কুল, মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, বগৰীগুৰী বড়ো এম ভি স্কুলত আজিৰে পৰা প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱৰ । আজিৰে পৰা ধেমাজি জিলাৰ চাৰিখন বড়ো মাধ্যমৰ বিদ্যালয়ত আৰম্ভ হোৱা গুণোৎসৱৰ কাৰ্যসূচী বৰ্জন কৰে আটাইকেইখন বিদ্যালয়ে ।
নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতি, জোনাই জিলা সমিতিৰ বিষয়-ববীয়াই কয় অসম চৰকাৰৰ শিক্ষা বিভাগে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । এবছু আৰু বড়ো সাহিত্য সভাৰ জিলা সমিতিৰ নেতৃত্বই পুনৰ কয় চৰকাৰে মাতৃভাষা শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে ইংৰাজী ভাষাৰ প্ৰতিহে অহেতুক দৰদ দেখুওৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে ৷