জোনাই,২৯ ডিচেম্বৰ: জোনাইত অনুষ্ঠিত হ'ব টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ ৷ আগন্তুক ১৬ আৰু ১৭ জানুৱাৰীত জোনাইত অনুষ্ঠিত হ'বলগীয়া সোনালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মঙলবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰস্থিত মৃৰংঘৰত গাঁওবুঢ়া সকলৰ লগত অনুষ্ঠিত হয় এখন আলোচনা সভা ৷ চৰকাৰী লাট গাঁও বুঢ়া সকলক লৈ অভ্যৰ্থনা সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে ৷
টি এম পি কে অভ্যৰ্থনা সমিতিৰ সৈতে চৰকাৰী গাঁওবুঢ়াৰ আলোচনা সভা - জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়
জোনাইত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে টি এম পি কেৰ চৰকাৰী গাঁওবুঢ়াৰ সৈতে মঙলবাৰে এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাখনত ৮৪ জন চৰকাৰী লাট গাঁওবুঢ়া উপস্থিত থাকি সোনালী জয়ন্তী বৰ্ষত সহায় সহযোগিতা কৰাৰ লগতে মিচিং গাঁওসমূহৰ চাফচিকুণতাত গুৰুত্ব দিয়াৰ আশ্বাস প্ৰদান কৰে ৷
টি এম পি কে অভ্যৰ্থনা সমিতিৰ সৈতে চৰকাৰী গাঁওবঢ়াৰ আলোচনা সভা
উল্লেখ্য যে,জোনাই মহকুমাৰ ৮৪ জন চৰকাৰী লাট গাঁওবুঢ়া উপস্থিত থাকি টি এম পি কে সোনালী জয়ন্তী বৰ্ষত সহায় সহযোগিতা আৰু গাঁৱত ল'ব লগা সজাগতা সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে মিচিং গাঁওসমূহৰ চাফচিকুণতাত গুৰুত্ব দিয়াৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক:বুঢ়ীদিহিং নদীৰ ওপৰত পূৰ্ণ গতিত চলিছে চেচুঘাটৰ দলং নিৰ্মাণৰ কাম