অসম

assam

ETV Bharat / state

জোনাইৰ একাংশ চৰকাৰী কাৰ্যালয়ত বহু লাখ টকাৰ বিদ্যুৎ মাচুল অনাদায় - State Electricity Department

জোনাইৰ অধিকাংশ চৰকাৰী কাৰ্যালয়ে প্ৰায় কেইবা লাখ টকাৰ বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ বাকী আছে ৷ অনাদায় হৈ থকা বিদ্যুতৰ মাচুলৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ ৷

govt department office not paying electicity bill
জোনাই একাংশ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল

By

Published : Jul 5, 2021, 10:28 PM IST

জোনাই, 5 জুলাই : ৰাজ্যৰ বিদ্যুৎ বিভাগে বিল আদায় কৰাৰ ক্ষেত্ৰত অধিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে একাংশ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল ৷ চৰকাৰী কাৰ্যালয় সমূহে পৰিশোধ কৰিবলৈ বাকী থকা মাচুলৰ পৰিমাণ জানিলে আপোনাৰ চকু কপালত উঠিব ৷ জোনাই মহকুমাহৰ প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল ৷

চৰকাৰী কৰ্মচাৰী সকলে বিদ্যুতৰ বিল পৰিশোধ নকৰিলে দৰমহা কৰ্তন কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল চৰকাৰে ৷ লগতে মাহেকীয়া দৰমহাৰ মুকলি হোৱাৰ পূৰ্বে পৰিশোধ কৰা বিদ্যুৎ বিল নিজা নিজা ব্লকত জমা দিবলৈ কৰ্মচাৰী সকলৰ প্ৰতি জাননি জাৰি কৰা হৈছিল ৷ কিন্তু সেই একে সময়তে চৰকাৰৰ নিজা বিভাগতে লাখ লাখ টকা বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ বাকী থকাতো আজিৰ সময়ত আশ্বৰ্যজনক ৷

যিসকল ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু কাৰ্যালয়ে বিদ্যুতৰ মাচুল দিবলৈ বাকী আছে সেই কাৰ্যালয়ত বিদ্যুত সংযোগ কৰ্তন কৰিছে ৰাজ্যৰ শক্তি বিভাগে ৷ এনে সময়তে টীয়কৰ পাচত এইবাৰ জোনাই মহকুমাৰ কেইবাটাও কাৰ্যালয়ে হাজাৰ হাজাৰ বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা তথ্য পোহৰলৈ আহিছে ৷

জোনাই একাংশ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল

জোনাইৰ প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়ে বছৰৰ পিছত বছৰ ধৰি বিদ্যুতৰ বিল পৰিশোধ কৰা নাই ৷ জানিব পৰা মতে, জোনাই মহকুমা পৰিসংখ্যা কাৰ্যালয়ে যোৱা ২০১৯ চনৰ পৰা পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল ৷ এই কাৰ্যায়টোৱে পৰিশোধ কৰিবলৈ বাকী আছে প্ৰায় ৭০ হাজাৰ টকা বিদ্যুতৰ মাচুল ৷

এনেদৰে জোনাই আৰক্ষী থানাৰ প্ৰায় ৯০ হাজাৰ, মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ৬৮ হাজাৰ, জোনাই মহকুমাধিপতিৰ বাসভৱনৰ প্ৰায় ১ লাখ ১০ হাজাৰ, NRC কাৰ্যালয়ৰ ৭৭ হাজাৰ, আৱৰ্ত ভৱনৰ ৪৮ হাজাৰ, ৰাজহ চক্ৰ কাৰ্যালয়ৰ ৩০ হাজাৰ, শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ ৪০ হাজাৰ টকাৰ বিদ্যুতৰ মাচুল পৰিশোধ কৰিবলৈ বাকী আছে ৷ মুঠৰ ওপৰত জোনাইৰ প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুতৰ বিল প্ৰায় কেইবা লাখ টকা অনাদায় হৈ আছে ৷

লগতে পঢ়ক: পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই অসম চৰকাৰ

ABOUT THE AUTHOR

...view details