জোনাই, 29ছেপ্তেম্বৰঃ 2021ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ ৷ মঙলবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ আহ্বানত আৰু জোনাই আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত উপস্থিত থাকি এই হুংকাৰ দিয়ে গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সভাপতি সমৰাজ পুৰিয়ে ৷
2021ৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ - আগছু
জোনাইৰ গোৰ্খা ভৱনত অনুষ্ঠিত সভাত উপস্থিত থাকি নব্বৈৰ দশকতে চিকিৎসালয় নিৰ্মাণৰ বাবে নেপালী বস্তিৰ 17টা পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰি অসম চৰকাৰে আজিলৈ ক্ষতিপূৰণ নিদিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সমিতি আগছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাকেশ ছেত্ৰীয়ে ৷
![2021ৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ Gorkha Students' union threatens boycott of 2021 elections](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8981954-805-8981954-1601377935959.jpg)
2021ৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ
জোনাইৰ গোৰ্খা ভৱনত অনুষ্ঠিত সভাত উপস্থিত থাকি নব্বৈৰ দশকতে চিকিৎসালয় নিৰ্মাণৰ বাবে নেপালী বস্তিৰ 17টা পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰি অসম চৰকাৰে আজিলৈ ক্ষতিপূৰণ নিদিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সমিতি আগছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাকেশ ছেত্ৰীয়ে ৷ ইপিনে চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি অতিশীঘ্ৰে গোৰ্খা স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবী জনায় ধেমাজি জিলা আগছুৰ প্ৰাক্তন উপ সভাপতি চন্দ্ৰ কান্ত শৰ্মাই ৷
2021ৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ
লগতে পঢ়কঃৰাজ্যৰ মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ স্নাতক পৰীক্ষা