ধেমাজি, 4 ফেব্ৰুৱাৰীঃ মংগলবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ধেমাজিৰ মাটিখোলা গাঁৱত পালন কৰা হয় ভাওনাৰ সোণালী জয়ন্তী উৎসৱ ৷ সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত প্ৰথম দিনা পুৱা উষা কীৰ্তন, সামূহিক চাফাই, বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱাৰ পিছত পুৱা ৯ বজাত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ দত্তই ।
ধেমাজিত ভাওনাৰ সোণালী জয়ন্তী উৎসৱ - উখল-মাখল পৰিৱেশ ধেমাজিত
উখল-মাখল পৰিৱেশ ধেমাজিৰ মাটিখোলা গাঁৱত ৷ ধেমাজিত উদযাপন মাটিখোলা গাঁৱৰ ভাওনাৰ সোণালী জয়ন্তী উৎসৱ ৷
ধেমাজিত ভাওনাৰ সোণালী জয়ন্তী উৎসৱ
ইয়াৰ লগতে অনুষ্ঠানটোত 49 খন পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তিসকলে । ইয়াৰ পিছত শ্বহীদ তৰ্পন আৰু সোণালী জয়ন্তী মূল স্মৃতি তোৰণ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কমল চন্দ্ৰ দত্তই । এই অনুষ্ঠানৰ জৰিয়তে গাঁৱবাসীৰ মংগলৰ লগতে ৰাজ্যবাসীৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ ভাৱ অটুট ৰখাৰ কামনা কৰিলে উদযাপন সমিতিয়ে ।