জোনাই, 25 মে’ : ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় যুৱ দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হৈছে জোনাইৰ গকুল বিশ্বকর্মা(Gokul Biswakarma selected for Indian youth football team) । জোনাইৰ তেলাম নেপালী বস্তিৰ নিবাসী সহদেৱ বিশ্বকৰ্মা আৰু গংগামায়া বিশ্বকৰ্মাৰ সন্তান গকুল বিশ্বকৰ্মা ৷ গকুলে ভাৰতীয় দলত খেলিবলৈ স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জোনাইবাসী ৰাইজ(Assam boy Gokul Biswakarma selected for Indian team) ।
১০ জুনৰ পৰা ১৪ জুনলৈ অনুষ্ঠিত হ’ব লগা ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় যুৱ দলত স্থান লাভ কৰা গকুল বিশ্বকর্মাই পূৰ্বেও জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো খেলত অংশগ্ৰহণ কৰি স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে ইণ্ডো-নেপাল যুৱ ফুটবল প্ৰতিযোগিতাৰ বাবে য়ুথ গেমছ কাউন্সিল অৱ ইণ্ডিয়াই গকুলক ভাৰতীয় দলত নিৰ্বাচিত কৰাৰ পিছত আৰ্থিক কাৰণত চিন্তিত হৈ পৰিছে গকুল(Assam boy selected for Indian team) ।