অসম

assam

ETV Bharat / state

Goat Rearing Training : বাল ৰক্ষা ভাৰতৰ উদ্যোগত ছাগলী পালনৰ পাঁচদিনীয়া প্ৰশিক্ষণ সম্পন্ন - Goat Rearing Training

ৰোগৰ প্ৰতিকাৰ আৰু বিজ্ঞানসন্মত প্ৰতিপালন কৰি ছাগলী পালনৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰি । ডিমৌত বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ উদ্যোগত ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণ সম্পন্ন ।

Goat Rearing Training
বাল ৰক্ষা ভাৰতৰ উদ্যোগত ছাগলী পালনৰ পাঁচদিনীয়া প্ৰশিক্ষণ সম্পন্ন

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:11 PM IST

বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতি

জোনাই, ১০ নৱেম্বৰঃবাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণৰ আজি সামৰণি পৰে । ডিমৌ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ছাগলী পালন প্ৰশিক্ষণত ছাগলীৰ পালন কৰোতে দেখা দিয়া বিভিন্ন ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ত চিমেন চাপৰি অসম ৰাজ্যিক পশু চিকিৎসালয় পশু চিকিৎসক ডাঃ ভাস্কৰ কলিতা, অকাজান অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ সমীৰ বিকাশ গগৈ, পিপ'লগুৰী অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ ঘনকান্ত দলেয়ে প্ৰশিক্ষণ আগবঢ়ায় ।

লগতে পঢ়ক:INDIA Alliance Assam : ৩ ডিচেম্বৰৰ পাচত প্ৰদেশ কংগ্ৰেছে ল’ব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন

পশু চিকিৎসক সকলে উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতিত ছাগলী পালন কৰিবলৈ ছাগলী পালক সকলে ছাগলীৰ পেটফুলা, নিউমনিয়া, চৰ্দি, জ্বৰ, পেলু, লিভাৰ, ফাপৰে আদি ছালৰ ৰোগৰ লক্ষণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে ল'বলগীয়া চিকিৎসা, প্ৰতিপালন আদি দিশত বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ প্ৰশিক্ষণ আগবঢ়ায়‌ । ডিমৌ আৰু চিমেনমুখ গাঁও পঞ্চায়তৰ পচিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি জি এন এছ এমৰ সাধাৰণ সম্পাদক তুলন সোণোৱালে উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:Exclusive interview: মেট্ৰিক পৰীক্ষাৰ্থীক সফলতা লাভৰ মন্ত্ৰণা দিলে ছেবাৰ প্ৰাক্তন অধ্যক্ষ ড৹ কমলজ্যোতি গগৈয়ে

বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আয়োজিত ছাগলী পালন প্ৰশিক্ষণৰ উক্ত অনুষ্ঠানত বেচৰকাৰী, সামাজিক সংগঠন বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ কমিউনিটী মবাইলাইজাৰ ধৰ্মৰাজ কাৰ্কি,দিলিপ মিলি,কম্পিউটাৰ পাঠ্যক্রম নিৰ্দেশিক্ষা হাস্না মিপুন, জি এন এছ এমৰ উপ সভাপতি গন্ধেশ্বৰ গগৈ, সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিক উপস্থিত থাকে ।

লগতে পঢ়ক:Pijush Hazarika slams congress: সহযোগী দলক লেং মৰাৰ ডাঙৰ ইতিহাস আছে কংগ্ৰেছৰ: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details